ভয়ংকৰ ঘটনা, তেল টেংকাৰ ব্লাষ্ট হৈ একেলগে প্ৰাণ হেৰুৱালে ৪৮ গৰাকী লোকে
এক অতিকে ভয়ংকৰ ঘটনা সংঘটিত সংঘটিত হৈছে নাইজেৰিয়াত। এখন তেলৰ টেংকাৰ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত একেলগে প্ৰাণ হেৰুৱাই ৪৮ গৰাকীকৈ লোকে।
এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দেওবাৰ ৮ ছেপ্টেম্বৰ তাৰিখে। ৪৮ গৰাকী লোকে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ লগতে অন্য ২০ গৰাকীমান লোক গুৰুতৰভাৱে আহত হয়।
আফ্ৰিকাৰ সকলোতকৈ অধিক ২২০ মিলিয়নৰো অধিক জনসংখ্যাৰ ঠাই নাইজেৰিয়াত এই ঘটনাটো সংঘটিত হৈছে। দুয়োখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত প্ৰচণ্ড শব্দৰে সৈতে তেলৰ টেংকাৰখন দাওদাওকৈ জ্বলি উঠে।
জুইৰ শিখা ইমানেই ভয়ংকৰ আছিল যে, অন্য দুখন বাহন এখন পিক আপ বাহন আৰু এখন ক্ৰেনো এই জুইৰ গ্ৰাসত পৰি দাওদাওকৈ জ্বলি উঠে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, এই দুৰ্ঘটনাটো নিশা প্ৰায় ১২.৩০ মান বজাত সংঘটিত হৈছে। দুৰ্ঘটনাত পতিত হোৱা বাহন এখনে ৫০ টা গৰুও কঢ়িয়াই নি আছিল। কিন্তু এই দুৰ্ঘটনাটোত কেউটা গৰু জীৱন্তে অগ্নিদ্বগ্ধ হৈ মৃত্যু হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ