ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে শনিবাৰে ১৮ টা দিনত ভৰি দিলে৷ ১৮ টা দিনত ভৰি দিলেও ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ বন্ধ কৰাৰ নামেই লোৱা নাই৷
ৰাছিয়াৰ এই ইউক্ৰেইন আক্ৰমণত অতি কমেও ৭৯ টা শিশু নিহত আৰু ১০০ গৰাকীৰো অধিক শিশু আহত হৈছে৷
ইউক্ৰিফ’ৰ্ম নামৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি যুদ্ধ বিধ্বস্ত দেশখনৰ ৰাজধানী কীয়েভ, খাৰকিভ, ডনেটছ্ক, চুমী, খাৰছন চহৰ আৰু ঝীট’মীৰ অঞ্চলত ৰাছিয়ান আক্ৰমণত এই শিশুসকল নিহত আৰু আহত হৈছে৷ সংবাদ সংস্থাটোৰ মতে এয়া চূড়ান্ত তথ্য নহয়, এই সংখ্যা আৰু বৃদ্ধি হ’বও পাৰে৷
লগতে পঢ়ক ‘ৰাছিয়ান সেনাৰ বধৰ যজ্ঞ’ বিশ্বৰ ঘাতক স্নাইপাৰ ৱালীৰ : ৱালীৰ বিষয়ে জানক ১০ টা নজনা কথা
ইফালে সংবাদ সংস্থাটোৰ মতে ৰাছিয়াৰ আক্ৰমণৰ ফলত যুদ্ধবিধ্বস্ত দেশখনৰ ২৮০ খন শিক্ষানুষ্ঠান ধ্বংস হৈছে৷ ইয়াৰে ৯ খন সম্পূৰ্ণৰূপে ধ্বংসস্তুপত পৰিণত হৈছে৷ ১১০ খন শিক্ষানুষ্ঠান ডনেটছ্ক অঞ্চলত, চুমীত ২৮ খন আৰু কীয়েভত ১৭ খন শিক্ষানু্ষ্ঠান ধ্বংস হৈছে৷
সংবাদ সংস্থাটোৰ মতে ৰাছিয়াই গড় হিচাপত দৈনিক ১৭ খনকৈ শিক্ষানুষ্ঠান ধ্বংস কৰি আহিছে৷ ইয়াৰ ফলত দেশখনৰ সাত মিলিয়ন শিশুৱে শিক্ষাৰ পৰা বঞ্চিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ