হাহাকাৰময় পৰিস্থিতি, হঠাৎ হোৱা বানপানীত এতিয়ালৈকে ৯৫ জন নিহত, বহুতো সন্ধানহীন
ধাৰাসাৰ বৰষুণৰ ফলত বুধবাৰ ৩০ অক্টোবৰত স্পেইনৰ পূব আৰু দক্ষিণ অঞ্চলত হঠাতে বানপানীৰ সৃষ্টি হয়। ইয়াৰ ফলত বহু যান-বাহন উটুৱাই নিয়ে। এখন মাল ট্ৰেইন ৰেলপথৰ পৰা ওলাই যোৱাৰ ফলত ৰেল লাইন আৰু ঘাইপথৰ যাতায়ত ব্যাহত হয়। গাঁৱৰ ৰাজপথ নদীলৈ পৰিণত হয়।
সেই হঠাতে অহা বানৰ ফলত বৰ্তমানলৈ ৯৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰলৈকে দেশত এই ধুমুহাৰ প্ৰভাৱ অব্যাহত থাকিব বুলি সদৰি কৰিছে।
পূব ভেলেন্সিয়াৰ জৰুৰীকালীন সেৱাই বুধবাৰে ৫১ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে। কাষ্টিলা লা মানকা অঞ্চলৰ কেন্দ্ৰীয় কাৰ্যালয়ে কুৱেনকাত এগৰাকী ৮৮ বছৰীয়া মহিলাৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে। ৰেলৱেৰ বিষয়াসকলে জনোৱা মতে, মালাগাৰ ওচৰত এখন ৰে’ল ৰেলপথৰ পৰা বাগৰি পৰে। দুৰ্ঘটনাৰ সময়ত সেই ৰেলত ৩০০ মানুহ আছিল।
অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহতি হোৱা নাই। ভেলেন্সিয়া চহৰ আৰু মাদ্ৰিদৰ মাজত তীব্ৰবেগী ৰেল সেৱা ব্যাহত। দক্ষিণৰ মালাগা প্ৰদেশৰ পৰা পূবে ভেলেন্সিয়ালৈকে ক্ষন্তেকীয়া বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। স্পেইনৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক আৰ টি ভি ইয়ে সম্প্ৰচাৰিত ফুটেজত দেখা গৈছে যে পানীৰ প্ৰচণ্ড সোঁতে গাড়ীবোৰ উটুৱাই লৈ গৈছে।
নিম্নভূমিত অৱস্থিত ঘৰবোৰ কেইবাফুট পানীৰে ভৰি থকা দেখা গৈছে। আৰক্ষী আৰু উদ্ধাৰ সেৱাই হেলিকপ্টাৰ ব্যৱহাৰ কৰি মানুহক ঘৰ আৰু গাড়ীৰ পৰা উদ্ধাৰ কৰে। স্পেইনৰ জৰুৰীকালীন টাস্ক ফ’ৰ্চৰ ১০০০ৰো অধিক সদস্যক বানে বিধ্বস্ত কৰা অঞ্চলত নিয়োগ কৰা হয়। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ স্পেইনৰ কেন্দ্ৰীয় চৰকাৰে জৰুৰীকালীন কমিটী গঠন কৰিছে।
ভেলেন্সিয়াৰ উটিয়াল চহৰৰ মেয়ৰ ৰিকাৰ্ডো গাবাল্ডনে ৰাষ্ট্ৰীয় সম্প্ৰচাৰকে কয় যে কালি মোৰ জীৱনৰ আটাইতকৈ বেয়া দিন আছিল। আমি সকলো আবদ্ধ হৈ পৰিলোঁ। ৰাজপথত গাড়ী আৰু জাবৰৰ দম বান্ধি গৈছিল। তিনি মিটাৰ ওখ পৰ্যন্ত পানীৰে ভৰি পৰিছিল পথ। চহৰৰ বহু লোক এতিয়াও সন্ধানহীন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















