পৰিয়াললৈ নতুন সদস্য আহিব! শুকুৰবাৰে এই সুখবৰ দিলে তাৰকা দম্পতি আথিয়া ছেট্টি আৰু কে এল ৰাহুলে৷ সামাজিক মাধ্যমত প’ষ্ট কৰাৰ পাছতেই বৈছে শুভেচ্ছাৰ বন্যা৷ নিজৰ সামাজিক মাধ্যমত এই প’ষ্ট কৰিছে আথিয়া ছেট্টিয়ে৷ প’ষ্টত লিখিছে ‘আমালৈ বিশেষ আশীৰ্বাদ অচিৰেই আহি আছে৷ ২০২৫ লৈ অপেক্ষা৷ আথিয়া-ৰাহুল৷’ কেপশ্ব্যনৰ সৈতে দিছে এটা বগা হাৰ্ট ইমজিও৷
এই প’ষ্টত দেখা গৈছে শুভেচ্ছাৰ বন্যা৷ ৰকুলপ্ৰীত সিং, ঊৰ্বশী ৰউতেলা, সোনাক্ষী সিনহা, ভূমি পেডনেকৰ, পূজা হেগড়ে, বাণী কাপুৰ, অৰ্জুন কাপুৰকে প্ৰমুখ্য কৰি একাধিক তাৰকাই জনাইছে শুভেচ্ছা৷ বিগত ৫ নৱেম্বৰত আথিয়া ছেট্টিৰ জন্মদিন আছিল৷ সেইদিনাই পত্নীৰ সৈতে কেইবাখনো ফটো শ্বেয়াৰ কৰিছে কে এল ৰাহুলে৷ ইয়াৰপাছতেই আহিল সুখবৰটোও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ