ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইক জানাজাত ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ চকুলো বৈ আহে। আজি তেহৰাণত অনুষ্ঠিত হোৱা ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াত বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে। প্ৰত্যেকেই কেমেৰাৰ সন্মুখত হুকহুকাই কান্দি দিয়ে।
কটকটীয়া নিৰাপত্তা আৰু গম্ভীৰ পৰিৱেশৰ মাজতে তেহৰাণৰ গ্ৰেণ্ড মছাল্লাত আয়াতুল্লাহ খামেনেইৰ অন্তিম দৰ্শন আৰু বিদায় অনুষ্ঠিত হয়। তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হৈছিল বৃহৎ জনসমাগম। ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু অন্যান্য চৰকাৰী শীৰ্ষ বিষয়াসকলে তেওঁলোকৰ নেতাক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱাৰ লগে লগে পৰিৱেশটো আৰু অধিক গম্ভীৰ হৈ পৰে।
ৰাষ্ট্ৰপতিৰ বেদনা কেমেৰাত বন্দী
জানাজাৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে চৰ্চা আৰম্ভ হয়। ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ দৰে নেতাই বিষাদ মনেৰে থিয় হৈ থাকে। সকলো বিষয়া আৰু বিদেশী অতিথিৰ মাজত থিয় হৈ ৰাষ্ট্ৰপতিগৰাকীয়ে বাৰে বাৰে চকুপানী মচি আছে। এই অৱস্থা দেখি ওচৰৰ বিষয়াসকলেও চকুলোৰে ভাঙি নোযোৱাকৈ থাকিব নোৱাৰিলে।
এই শোক অনুষ্ঠান কেৱল ইৰাণতে সীমাবদ্ধ নহয়। ৫ জুলাইৰ পৰা ৯ জুলাইলৈকে সমগ্ৰ ইৰাণ আৰু চুবুৰীয়া ইৰাকৰ বিভিন্ন চহৰত আয়াতুল্লাহ আলী খামেনেইক সন্মান জনোৱাৰ বাবে কেইবাদিনোজোৰা স্মৃতিচাৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। কেৱল ইৰাণৰ নাগৰিকেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ কূটনীতিবিদ, বিদেশী প্ৰতিনিধি দল, আৰু বিশ্বৰ ৰাষ্ট্ৰদূতসকলেও এই ঐতিহাসিক বিদায়ৰ অংশ হিচাপে তেহৰাণত উপস্থিত হয়।
সৰ্বোচ্চ নেতাৰ মৃত্যুৰ পিছত দৃশ্যমানভাৱে আৱেগিক হৈ পৰা ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে এই আৱেগিক মুহূৰ্তত জাতিটোক সম্বোধন কৰে। শোকত ভাগি পৰি তেওঁ আয়াতুল্লাহ খামেনেইৰ মৃত্যুক দেশৰ বাবে “অপুৰণীয় আৰু গভীৰ ক্ষতি” বুলি অভিহিত কৰে। শোকৰ এই ঐতিহাসিক মুহূৰ্তত দেশবাসীক দুৰ্বল নহ’বলৈ আহ্বান জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















