অসম লাইভ ২৪ঃ ভক্তিময় ৰামনগৰী৷ পোহৰেৰে ইতিহাস সৃষ্টি কৰিবলৈ সাজু অযোধ্যাবাসী৷ ধুমধামেৰে দীপাৱলী উদযাপনৰ বাবে সাজু কৰি তোলা হৈছে সৰযু নদীৰ পাৰ৷ দীপাৱলীৰ বাবে পূৰ্ণপ্ৰস্তুতি অব্যাহত ৰাখিছে অযোধ্যাবাসীয়ে৷ প্ৰায় ১২ লক্ষাধিক চাকিৰ পোহৰে আজি উজলি উঠিব অযোধ্যানগৰ৷ ৰেকৰ্ড সৃষ্টিৰ লক্ষ্যৰে সাজু হৈছে যোগীৰ ৰাজ্য৷ ৯ লাখতকৈ অধিক বন্তি কেৱল Ram ki Paidiত জ্বলাব অযোধ্যাবাসীয়ে৷ ইতিমধ্যে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধি উপস্থিত হৈছেগৈ অযোধ্যাত৷ উলহ-মালহেৰে দীপোৎসৱ উদযাপনৰ বাবে সাজু হৈছে অযোধ্যাবাসী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















