অসম লাইভ ২৪ঃ বিহাৰত এদল শিক্ষাৰ্থীৰ চমৎকাৰী উদ্ভাৱন৷ পেলনীয়া প্লাষ্টিকৰ পৰা তৈয়াৰ পেট্ৰ’ল-ডিজেল৷ বিহাৰৰ মুজাফৰপুৰৰ ৮ গৰাকী যুৱক-যুৱতীয়ে সম্ভৱ কৰি তুলিছে এই কাৰ্য৷ ইয়াৰ জৰিয়তে এফালে পেট্ৰ’ল ডিজেলৰ দাম কমাৰ সম্ভাৱনীয়তা কঢ়িয়াই অনাৰ সমান্তৰালকৈ প্ৰদূষণমুক্ত কৰি তুলিব পৰিবেশ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধোৱাৰ সময়তে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বিহাৰৰ এইসকল যুৱক-যুৱতীয়ে৷ আনফালে পৰিবেশ প্ৰদূষণো ৰোধ কৰিব পৰা যাব এই কাৰ্যৰ জৰিয়তে৷ দুয়োটা সমস্যাৰ পৰা একেসময়তে পৰিত্ৰাণ পাব জনসাধাৰণে৷ ISI দিল্লীৰ ছাত্ৰ আশুতোষ মংগলমৰ নেতৃত্বত শিৱানী, সুমিত কুমাৰ, অমন কুমাৰ, মহম্মদ হাছান আদিকে ধৰি মুঠ ৮গৰাকী শিক্ষাৰ্থী জড়িত আছে এই কাৰ্যত৷ এক বিশেষ প্ৰযুক্তিৰে ২০১৯ চনত আৰম্ভ কৰা এই কাৰ্যই স্বীকৃতি লাভ কৰিছে চলিত বৰ্ষত৷ মুজাফৰপুৰ মঙলবাৰৰ পৰা এটা প্লাণ্ট আৰম্ভ হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ