• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপ নিৰ্বাচনৰ তাৎপৰ্য

উপ নিৰ্বাচনৰ তাৎপৰ্য

5 years ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

31 minutes ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

1 hour ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

2 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

2 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

3 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

4 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

5 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

5 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

6 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

7 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

7 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

উপ নিৰ্বাচনৰ তাৎপৰ্য

editor by editor
November 4, 2021
in অসম, গুৱাহাটী, ৰাজনীতি, লেখা
0
উপ নিৰ্বাচনৰ তাৎপৰ্য
0
SHARES
65
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

      উপ নিৰ্বাচনৰ তাৎপৰ্য

                                                                                                                                                 

                                                                                                                  পৰেশ মালাকাৰ

 

 

উপ নিৰ্বাচনৰ বিষয়ে লিখিবৰ কি আছে? সকলো কথাচোন আৰম্ভণিৰ পৰাই পৰিষ্কাৰহৈ আছিল৷ তথাপি ফলাফল ওলোৱাৰ পিছত, সময়ৰ কথা সময়ত কৈ থোৱাটো ভাল৷ এই উপ নিৰ্বাচনৰ পৰা তিনিটা কথা পৰিষ্কাৰহৈ পৰিছে৷ প্ৰথমটো হ’ল বিজেপিৰ জয় আৰু পৰাজয়৷ বিজেপিয়ে যি ধৰণে উপ নিৰ্বাচনৰ ফলাফল হোৱাটো বিচাৰিছিল ঠিক সেই ধৰণেই তাৰ ফলাফল হৈছে৷ গতিকে হিমন্তবিশ্বৰ জয় হৈছে, বিজেপিৰ জয় হৈছে৷ তাত কোনো সন্দেহ নাই৷ বিৰোধীৰ পৰাজয় হৈছে তাতো কোনো সন্দেহ নাই৷ কিন্তু এই জয় কাৰ জয়? ফণীধৰ, সুশান্তৰ, ৰূপজ্যোতিৰ জয় নে বিজেপিৰ জয়? এইকেইজনে দল বাগৰাৰ আগতে যি দলত আছিল সেই দলৰহৈ এওঁলোক জয়ী হৈছিল নে তেতিয়াও নিজৰ সামৰ্থ্যত তেওঁলোক জয়ী হৈছিল? ৰঞ্জিত দাসৰ দিনত যে এসময়ত বিজেপিলৈ বেলেগ বেলেগ দলৰ পৰা, বিশেষকৈ কংগ্ৰেছৰ পৰা মানুহ যোৱাৰ ঢৌ উঠিছিল সেই কথাটো আপোনালোকৰ মনত আছেনে? ৰঞ্জিত দাসে যে ৰাজহুৱাকৈ ক’ব লগা হৈছিল-”আৰু আমি বেলেগ দলৰ মানুহ নলওঁ” তেতিয়াই ঘুনুকঘানাককৈ ৰূপজ্যোতি আৰু সুশান্ত বিজেপিলৈ যাব বুলি কথা ওলোৱা নাছিল জানো? তেওঁলোকে তেতিয়াৰ পৰাই বতৰ চাই আছিল৷ তেওঁলোকৰ জয় হৈছে, বিজেপিৰ জয় হৈছে৷ কিন্তু এই জয় অধৰ্মৰ জয় ধৰ্মৰ পৰাজয়৷ এই জয় অনীতিৰ জয় নীতিৰ পৰাজয়৷

এতিয়া আহিল আমাৰ, মোৰ দায়িত্বৰ কথা৷ বাতৰিকাকত, সামাজিক মাধ্যমত আপুনি, মই দিনৌ কিমান কথা কৈ আছোঁ! সকলোৱে জনাকৈ, দেখাকৈ৷ বিজেপিক কিমান সমালোচনা কৰিছোঁ, দেশৰ এই চৰম দুৰ্দিনত, বিৰোধী এক নোহোৱা কাৰণে তেওঁলোকক কিমান কটু সমালোচনা কৰিছোঁ৷ সেইবোৰ সকলো ঠিকে আছে৷ কিন্তু, আমি নীৰৱে, জনচক্ষুৰ আঁতৰত থাকি বিৰোধীক এক কৰিবলৈ কিমান কি কৰিছোঁ? আমি কি সকলো কাম বেলেগক দেখুৱাবলৈ কৰিম নেকি? কন্ধপৰা বিৰোধী দল কেইটাক সমালোচনা কৰিলোঁ, তাতেই আমাৰ কৰ্তব্য শেষ ? মানে চিধাচিধি ক’বলৈ হ’লে বৰ্তমানৰ এই নলাত নিমজ্জিত ৰাজনীতিক উদ্ধাৰ কৰিবলৈ আমি হাতে-কামে কিবা কৰিছোঁনে? সামাজিক মাধ্যম ঠিকেই আছে৷ কিন্তু, সেইটোৱেই আমাৰ শেষ আশ্ৰয় হ’ব নেকি? কোনোবাই যুক্তিসংগতভাবেই প্ৰশ্ন কৰিব পাৰে— আমি অপাৰ্টিৰ মানুহবোৰে মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰাতকৈ আৰু কি বেছি কৰিব পাৰোঁ৷ হওতে কথাটো নোহোৱাও নহয়৷ কিন্তু কি সঁচাকৈয়ে আমি একো কৰিব নোৱাৰোনে? আমি এই প্ৰশ্নটো নিজকে সোধা ভাল৷ সোধাৰ প্ৰয়োজন আহি পৰিছে৷ সকলো দোষ বেলেগত দেখিলেও নহ’ব৷ নিজকো প্ৰশ্ন কৰিব লাগিব৷ আপোনাআপুনি একো এটা নহ’ব৷ এইটো হ’ল দ্বিতীয় কথা৷

তৃতীয় কথাটো কি? তৃতীয় কথাটো এটা লাজ, চৰম লগা কথা৷ ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ গুৰুত্ব কিমান? একো নাই৷ কিয় ক’তো একো কৰিব নোৱাৰিলে মানুহ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৈ আহে৷ এতিয়া অসম, উত্তৰপূৰ্বাঞ্চল দেশৰ ভেৰণীয়া, কেৰেয়া দি লোৱা পথাৰ৷  ইয়াত যাৰ যি মন যায় তাকে কৰিব পাৰে৷ ক’তো নচলা বস্তু, আমাৰ ইয়াত চলে৷ আগতে আমাৰ কিবা এটা স্বতন্ত্ৰতা আছিল৷ গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ চৌধুৰীৰ সাহস আৰু ব্যক্তিত্ব বোলা বস্তুটো আছিল৷ তেওঁলোকে দিল্লীৰ চকুত চকুথৈ কথা ক’ব পাৰিছিল৷ আনকি শৰৎ সিংহ তৰুণ গগৈও ইমান পৰিমৰা বিধৰ মানুহ নাছিল৷ কিন্তু, অসমত এতিয়া বেলিমাৰ যুগ আৰম্ভ হৈছে৷ ইয়াত আমাৰ নিজৰ একো নচলে৷ কিয়নো আমি তাৰ লায়ক নহওঁ৷ আমাৰ যিখিনি আছিল সেই সকলোখিনি আমি এতিয়া বেলেগৰ তাত বন্ধকত দিছোঁ৷ যাৰ আত্মসন্মান নাই তাৰ একো নাই৷ গতিকে ৰাষ্ট্ৰীয় ৰাজনীতিত অসম ধৰ্তব্য নহয়, আৰু মিছা ক’লে কি হ’ব আমাৰ সংখ্যাও নাই৷ সেয়ে, আপোনালোকে যিমানেই ঢোল নোকোবাওক কিয়,  অসমৰ আৱাজ দেশৰ বাহিৰলৈ নাযায়৷ সেইবাবেই অসমৰ উপ নিৰ্বাচনত জিকি আপোনালোকে একো দেশ উদ্ধাৰ কৰিব নোৱাৰে৷ দেশৰ বাকী ঠাইত উপ নিৰ্বাচনৰ ফলাফল কি? কোন জিকিছে, কোন হাৰিছে? কিয় খবৰ ওলাইছে নহয়! কি বিজেপিৰ কাৰণে বৰ ৰমৰমীয়া নেকি সেই ফলাফল? সেইকাৰণেই কৈছোঁ আমি যিহেতু ক’তো একো নিৰ্ণায়ক ভূমিকা ল’ব নোৱাৰোঁ, বাহিৰত ক’ত কি হৈ আছে অলপ কাণপাতি উনাওকচোন৷ কিজানি ক’ৰবাৰ পৰা কিবা আশাৰ বতৰা আহেই!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam by electionassam live 24axom live 24Paresh Malakar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
Next Post
bhupen hazarika

সুধাকণ্ঠবিহীন এটা দশক, দশম মত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ ড০ ভূপেন হাজৰিকাক

damon galgut

দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক ডেমন গলগুটলৈ ২০২১ বৰ্ষৰ সন্মানীয় বুকাৰ বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.