অসম লাইভ ২৪ঃ বিগত বর্ষত ছ’চিয়েল মিডিয়াত হঠাতে ব্যাপক চর্চালৈ আহিছিল ‘বাবা কা ধাবা’। সেই ‘বাবা কা ধাবা’ৰ স্বত্বাধিকাৰীয়ে বৃহস্পতিবাৰে কৰে আত্মহত্যাৰ চেষ্টা। অত্যধিক সুৰাপান কৰি কেইবাটাও শ্লিপিং টেবলেট খাই আত্মহত্যাৰ চেষ্টা কৰা ‘বাবা কা ধাবা’ৰ স্বত্বাধিকাৰী কান্তাপ্ৰসাদ সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন। উল্লেখযোগ্য যে বিগত বর্ষত চর্চালৈ অহা ‘বাবা কা ধাবা’ৰ স্বত্বাধিকাৰীক বিভিন্নজনে কৰিছিল আর্থিক সহায়। সেই টকাৰে ৰেষ্টুৰেণ্ট খুলিছিল কান্তা প্ৰসাদে। কান্তা প্ৰসাদক সহায় কৰা গৌৰৱ বাচনৰ ওপৰত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ আনিছিল। পিছে কিছুদিন পূর্বে আর্থিক অনাটনত ভূগি পুনৰ আগৰ দোকানলৈ উভতি গৌৰৱ বাচনক ক্ষমা বিচাৰিছিল কান্তা প্ৰসাদে। ইয়াৰ প্ৰতিক্ৰিয়া দিছিল গৌৰৱে। ইনষ্টাগ্ৰামৰ ষ্ট’ৰীত লিখিছল ‘কার্মা’। একে ৰাতিৰ ভিতৰতে ছেলিব্ৰিটীলৈ পৰিণত হোৱা কান্তা প্ৰসাদৰ বর্তমানৰ অৱস্থাই আচৰিত কৰি তুলিছে সকলোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ