বিজ্ঞজনৰ দাবী এদিন বজ্ৰপাতৰ ফলত দৃষ্টিশক্তি হেৰুৱাইছিল তেওঁ। দৃষ্টিশক্তি হেৰুওৱাৰ পাছতেই দিব্যশক্তিৰ অধিকাৰী হৈ পৰা মহিলাগৰাকীয়েই হৈছে ভৱিষ্যদ্ৰষ্টা বাবা ভাংগা। অলৌকিক শক্তিৰ দ্বাৰা দৃষ্টিশক্তি হেৰুওৱাৰ পাছতো তেওঁ দিব্যশক্তিৰে পৃথিৱীৰ পোহৰ দেখিছিল। ভবিষ্যৎ দেখাৰ ক্ষমতা অৰ্জন কৰা বুলগেৰীয়াৰ এইগৰাকী মহিলা বাবা ভাংগাৰ ভবিষ্যৎ বাণীসমূহ আজিও প্ৰাসংগিক।
এটা যুগৰ তেঁও নষ্ট্ৰাডামূছ। ১৯৯৬ চনত মৃত্যু হোৱা এইগৰাকী বাবা ভাংগাই দি যোৱা ভৱিষ্যদ্বাণীসমূহ আজিও সত্য প্ৰমাণিত হৈয়েই আছে। সেই বাবা ভাংগাই পৃথিৱীৰ আয়ুস কিমান সেই সন্দৰ্ভতো ভৱিষ্যদ্বাণী কৰি থৈ গৈছে। কিন্তু কেনেকৈ ধ্বংস হ’ব এই পৃথিৱী
সন্ত্ৰাসবাদৰ উত্থান
ভাংগাই কৈছিল, সন্ত্ৰাসবাদৰ উত্থানত জংগীৰ আক্ৰমণৰ বলি হ’ব সমগ্ৰ বিশ্ব বুলি বাবা ভাংগাই তাহানিতেই ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিতও হৈছে। ৯/১১ৰ পৰা ২৬/১১, আমেৰিকাৰ পৰা মুম্বাইলৈকে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণে ৰক্তাক্ত কৰিছে এই সভ্য়তাক। এই ভয়াৱহ দিন বাবা ভাংগাই কোৱাৰ দৰেই আহিছে বুলিও বহুতে দাবী কৰে। ইয়াৰোপৰি ইউৰোপৰ দেশসমূহতো বাৰে বাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ চলি আছে।
চিকিৎসাত বিপ্লৱ
কেৱল ধ্বংস আৰু মৃত্যুৰ কথাই নহয়। আশাৰ পোহৰো দেখুৱাই গৈছে দৃষ্টিহীন ভাংগা বাবাই। তেওঁ দাবী কৰিছিল, চিকিৎসা বিজ্ঞানত প্ৰভূত উন্নতি হ’ব। আজিৰ বিশ্বত সেইয়া দেখিবলৈ পোৱা গৈছে। ইফালে ২০২৪ চনত কৰ্কট আৰু এলঝাইমাৰৰ ঔষধ আৱিষ্কাৰ হ’ব বুলিও দাবী কৰি গৈছে বাবা ভাংগাই।
জলবায়ু পৰিবৰ্তন
বাবা ভাংগাই সতৰ্ক কৰি গৈছে, অত্যাধিক প্ৰদূষণ আৰু প্ৰাকৃতিক সম্পদ অপচয় কৰাৰ শাস্তি পাব মানুহে। প্ৰকৃতিয়ে তাৰ প্ৰতিশোধ ল’ব। উষ্ণায়নৰ বাবে মেৰুদেশৰ বৰফ গলিবলৈ ধৰিছে, গৰমে অতিষ্ঠ কৰিছে জনতাক। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে।
বাবা ভাংগাই পৃথিৱীৰ আয়ুস কিমান সেই সন্দৰ্ভতো ভৱিষ্যদ্বাণী কৰি থৈ গৈছে। বাবা ভাংগাই ৫০৭৯ চনলৈকে ভৱিষ্যদ্বাণী কৰি গৈছে। তেওঁৰ মতে এদিন এই নীল গ্ৰহ ধ্বংস হৈ যাব। তেওঁৰ হিচাপত এই গ্ৰহৰ আয়ুস আৰু মাত্ৰ ৩ হাজাৰ বছৰহে আছেগৈ। অৱশ্য়ে এই দাবী কিমানদূৰ সত্য হ’ব সেই সন্দৰ্ভতো বহুতেই গৱেষণা আৰম্ভ কৰিছে।
ছাইবাৰ যুদ্ধ
বাবা ভাংগাই ইণ্টাৰনেটৰ উত্থানৰ পূৰ্বেই ছাইবাৰ যুদ্ধৰ কথা কৈ গৈছে। এ আই, ইণ্টাৰনেটৰ এই যুগক লৈ ভাংগা বাবাৰ স্পষ্ট ভৱিষ্যদ্বাণী আছিল। এদিন ইণ্টাৰনেটেই যুদ্ধৰ অস্ত্ৰ হৈ উঠিব। তেওঁ কোৱাৰ দৰেই এতিয়া এপল, মেক প্ৰভৃতি শীৰ্ষস্থানীয় টেক সংস্থাসমূহেও দাবী কৰিছে যে তেওঁলোক নিৰাপত্তাজনিত সমস্যাত ভূগিছে। হেকাৰে তেওঁলোকৰ তথ্য হেক কৰিবলৈ প্ৰতিনিয়ত চেষ্টা চলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ