নাছাৰ ফালৰ পৰা দুখজনক খবৰ, এতিয়াই উভতি আহিব নোৱাৰিব সুনিতা আৰু বুচ উইলম’ৰ
নাছাৰ ফালৰ পৰা দুখজনক খবৰ। পুনৰ পিছুৱাই দিয়া হৈছে মহাকাশত আৱদ্ধ হৈ থকা নাছাৰ দুগৰাকী মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰৰ প্ৰত্যাৱৰ্তন। এতিয়া দুয়োজনেই ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰিৱৰ্তে মাৰ্চ মাহৰ শেষৰ ফালে বা এপ্ৰিল মাহৰ ভিতৰত পৃথিৱীলৈ ঘূৰি আহিব।
ইয়াৰ ফলত বয়িঙৰ ষ্টাৰলাইনাৰ কেপচুলত মহাকাশ পোৱাৰ ১০ মাহৰ পিছত দুয়োৰে উভতি অহা সম্ভৱ হ’ব। বয়িঙে মহাকাশ কেন্দ্ৰত থৈ পৃথিৱীলৈ উভতি অহাৰ পিছত দুয়োকে মাত্ৰ এসপ্তাহমান তাত থকাৰ পৰিকল্পনা কৰা হৈছিল যদিও কাৰিকৰী আৰু সময়সূচীৰ সমস্যাৰ বাবে তেওঁলোকৰ অভিযান সামৰাৰ সময় কেইবাবাৰো সলনি কৰা হৈছে।
উল্লেখযোগ্য যে সুনীতা আৰু বুচ ছমাহতকৈও অধিক সময় ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আছে। সুনীতাৰ উপৰিও মাত্ৰ আঠ দিনৰ মিছনলৈ পঠোৱা এই দলটোত সহযোগী বেৰী উইলম’ৰকো অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োজনে ১৫০ দিন ধৰি পৃথিৱীলৈ ঘূৰি আহিবলৈ অপেক্ষা কৰি আছে।
দুয়োগৰাকী মহাকাশচীৰৰ স্বাস্থ্য সম্পৰ্কতো চিন্তাত সকলো। নাছাই অৱশ্যে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী মহাকাশচাৰীৰে চৰ্বীহীন দেহ হলেও সুস্থ আছে তেঁওলোক। স্বাস্থ্য বিশেষজ্ঞই সকলো সময়তে নজৰত ৰাখিছে ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ