উন্নত মানৰ বগৰী খেতিৰে স্বাৱলম্বীতাৰ বাট দেখুৱাইছে ধিঙৰ নৈপৰীয়া অঞ্চলৰ ছাদিকুল ইছলামে। ধিঙৰ পাৰ্শ্ববৰ্তী কমলসুঁতি গাৱঁত এতিয়া লমা লমে ডাল ভৰি লাগিছে বগৰী। উন্নত প্ৰজাতিৰ বগৰী বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি লাভাম্বিত হৈছে এইগৰাকী যুৱ কৃষক।
২০১৭ চনৰ পৰা এই খেতি কৰি আছে ছাদিকুলে৷ কেইবাটাও প্ৰজাতিৰ বগৰীৰ খেতি তেওঁ কৰিছে৷ প্ৰায় ২ বিঘা মাটিত তেওঁ এই খেতি কৰিছে৷ পোনতে ইউটিউবত এই খেতি দেখিছিল৷ পাছত আশা কৰাধৰণেই ফলো লাগিছে বুলি জনাইছে ছাদিকুলে৷ বছৰি এই খেতিৰ পৰা তেওঁ প্ৰায় ১ লাখ টকা আয় কৰে৷ তেওঁ কয়, ‘চৰকাৰক দোষাৰোপ কৰি হাত সাবটি বহি নাথাকিব৷ বেকাৰ হৈ নাথাকিব৷ খেতিত লাগক জীৱন সুন্দৰ হ’বই৷ কষ্ট কৰিলেহে ফল আহিব৷’
বগৰী খেতিৰ জৰিয়তে ছাদিকুলে নিজৰ লগতে আন বহু কেইজন যুৱকক মোকলাই দিছে কৰ্ম সংস্থাপনৰ বাট। উল্লেখ্য যে এবিঘা মাটিত দহ হাজাৰ টকা খৰছ কৰি উপাৰ্জন কৰে ১ পৰা ২ লাখ টকা৷ যুৱকজনৰ মতে চৰকাৰী চাকৰিলৈ আশা নকৰি নিৱনুৱা যুৱক যুৱতী সকলে উন্নত মানৰ বগৰী খেতি কৰিও স্বাৱলম্বী হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ