অসম লাইভ ২৪ ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ বাঘজানত অ’এনজিচিৰ তেল-গেছ পৰিবাহী পাইপ ফটাৰ ফলত অঞ্চলটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পাইপ ফাটি তেল আৰু গেছ নির্গত হোৱা বাবে বাঘজান, মাগুৰি, মটাপুং বিলকে ধৰি এক বৃহৎ এলেকা সেউজীয়াৰ পৰা ৰঙচুৱা হৈ পৰিছে৷ সাধাৰণ লোকৰ প্ৰৱেশ এই এলেকাত নিষিদ্ধ কৰা হৈছে৷ জৈৱবৈচিত্ৰপূর্ণ মাগুৰি, মটাপুং বিলৰ চৌপাশত এতিয়া তেলময় পৰিৱেশ৷ ভাবুকি আহিছে বিলৰ মাছ-কাছ আদিৰ দৰে জলজ প্ৰাণীলৈ৷ পশু-পক্ষীলৈও আহিছে তীব্ৰ ভাবুকি৷

ৰাইজে প্ৰতিবাদ জনাইছে যদিও এইপর্যন্ত অইল ইণ্ডিয়া আৰু চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ৷ আতংকিত হৈ পৰিছে বাঘজান, মাগুৰি, মটাপুং আদিৰ গাঁওবাসী৷ বাঘজানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহো যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে৷ বিশুদ্ধ খোৱাপানীৰ বাবেও ৰাইজে সমস্যাত ভুগিছে৷ ৰাইজে বেনাৰ-ফেষ্টুন লৈ ৰাজপথলৈ ওলাই অহাৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ