পেৰিছ অলিম্পিকৰ আৰম্ভণিতেই চমক দিছে বিনেশ ফোগাটে৷ মল্লযুঁজত ৫০ কিঃগ্ৰাঃ শাখাত খেলত নামি তেওঁ শেষ ১৬ত প্ৰথমে জয়ী হৈ কোৱাৰ্টাৰফাইনেলতো জয়লাভ কৰিছে৷ তাৰপিছতেই তেওঁ নামিব ছেমিফাইনেলত৷ বিনেশ ফোগাটৰ এই পেৰিছ যাত্ৰা সহজ নহয়৷ তেওঁ ফৰ্ম হেৰুৱাই নেপেলাবলৈ এফালে যেনেকৈ প্ৰেকটিছ কৰিছিল, আনফালে তেওঁ যুঁজি আছিল ফেডাৰেশ্ব্যনৰ বিৰুদ্ধেও৷ ৰাস্তাত বহি বিক্ষোভ কৰাৰ বাবে আৰক্ষীয়ে তেওঁক হাতত ধৰি চুচুৰাইয়ো নিছিল৷
বৃজভূষণ চৰণ সিঙৰ অপসাৰণৰ দাবীত বজৰং পুনীয়া, সাক্ষী মালিক, বিনেশ ফোগাটসহ একাধিক মল্লযুঁজাৰুৰে ৰাস্তাত বহি প্ৰতিবাদ কৰিছিল৷ তেওঁলোকৰ এই প্ৰতিবাদক শেষ কৰিবলৈকে প্ৰশাসনে বল প্ৰয়োগো কৰিছিল৷ তেওঁলোকক ৰাস্তাৰ পৰা উঠাবলৈ কি পন্থা লোৱা নাছিল প্ৰশাসনে৷ সেই প্ৰতিবাদৰ পৰা উঠি আকৌ এবাৰ বিশ্বজয়ৰ দিশেৰে বিনেশ ফোগেট৷
এই পৰিস্থিতিত সেই পুৰণি কথা টানি আনি তেওঁক শুভেচ্ছা জনাইছে বজৰং পুনীয়াই৷ এক্স হেণ্ডেলত এটা পোষ্ট কৰিছে বজৰং পুনীয়াই৷ তাত তেওঁ লিখিছে, ‘বিনেশ ফোগাট ভাৰতৰ সেইগৰাকী সিংহী যিয়ে আজি লেথাৰিকৈ দুখন মেচত জয়ী হৈছে৷ ৪বাৰৰ বিশ্ব চেম্পিয়ন আৰু অলিম্পিক্স চেম্পিয়নক তেওঁ হৰুৱাইছে৷ ইয়াৰ পাছতেই কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়নক তেওঁ হৰুৱাইছে৷ মই এটা কথা ক’ব খোজো, যি কন্যাই নিজৰ দেশৰ ৰাস্তাত চুচৰিব লগা হৈছে সেই কন্যাই বিশ্ব চেম্পিয়ন হ’লে কিন্তু দেশৰ চিষ্টেম তেওঁৰ ওচৰত হাৰি যাব৷’
অৰ্থাৎ বিনেশে দুৰ্দান্ত পাৰফৰমেন্স দেখুৱাই বৃজভূষণ শৰণ সিঙক হৰুওৱাৰ বাবে যি যুঁজ কৰিছিল সেয়া ব্যৰ্থ হৈছে বুলি জনাইছে বজৰং পুনীয়াই৷ ভাৰতৰ জাতীয় মল্লযুঁজ ফেডাৰেছনৰ বৰ্তমানৰ প্ৰেছিডেণ্ট হৈছে সঞ্জয় সিং৷ তেওঁ বৃজভূষণৰ ঘনিষ্ঠ বুলি পৰিচিত৷
বজৰং পুনিয়াই লগতে আৰু এটি পোষ্ট লিখিছে, ‘মই বুজিব পৰা নাই বিনেশৰ জয়ত তেওঁলোকে কেনে প্ৰতিক্ৰিয়া জনাব৷ এই প্রথম মই বুজিব নোৱাৰিছো মই সুখী হৈছো নে দুখী হৈছো৷ মনত ধাৰণা আহিছে বিনেশ অকলেই নহয়, সমগ্ৰ দেশৰ মহিলাই যুঁজ কৰিছে৷ বিনেশ, তুলি সঁচায়ে ৰেকৰ্ড গঢ়াৰ বাবে জন্ম লৈছা৷ মোৰ প্ৰাৰ্থনা, এই সোন যেন ভাৰতলৈ আহে৷ তুমিয়েই দেশক প্ৰথমটো সোণ আনি দিয়া৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ