অসম লাইভ২৪ঃ বৃহস্পতিবাৰে নয়ন নিলীমৰ ছবি ‘বন্ধু’ৰ প্ৰিমিয়াৰ শ্ব’ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি ৰাজ্যৰ প্ৰায়কেইখন ছবিগৃহতে মুকলি হৈছে ‘বন্ধু’। ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ৰ এটা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত অসমৰ জাতীয় সংগীত বিকৃতৰূপত পৰিবেশন কৰা দেখা গৈছে। অসমৰ জাতীয় সংগীতক বিকৃত কৰাৰ এই ভিডিঅ’টো দেখা মাত্ৰকেই জঁকি উঠিছে একাংশ নেটিজেন।
কিয় এনেকৈ পৰিবেশন কৰা হ’ল জাতীয় সংগীত? বুলি নেটিজেনে সামাজিক মাধ্যমত প্ৰশ্ন কৰাৰ লগতে লিখিছে, সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত কেনেকৈ ইমান বিকৃতকৈ জাতীয় সংগীত গাব পাৰে? জাতি মাটি ভেটিৰ পাছত জাতীয় সংগীতো নেৰিলে বুলিও সামাজিক মাধ্যমত একাংশই মন্তব্য কৰা এতিয়া পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ