বাণ্ডিলে বাণ্ডিলে ধন৷ টেবুলত শাৰী শাৰীকৈ সজাই থোৱা হৈছে৷ মাটিতো পৰি আছে বাণ্ডিলে বাণ্ডিলে টকা৷ সকলোৱে বহি ধন হিঁচাপ কৰাত লাগিছে৷ এনে দৃশ্য আপুনি দুৰ্নীতি বা চুৰিৰ ধন হিচাপ কৰাত দেখিছে৷ এই ধন কিন্তু কোনো চুৰ, ডকাইতৰ ধন নহয়৷ এই ধন উলাইছে দানবক্সৰ পৰা৷
বাংলাদেশৰ বৃহত্তৰ ময়মংসিংহৰ কিশোৰগঞ্জৰ পাগলা মছজিদত পোৱা গৈছে এই ধন৷ এটা দুটা নহয় প্ৰায় ২৬ বস্তা ধন৷ পাগলা মছজিদৰ দানবক্সত উলাইছে এই বিপুল পৰিমানৰ ধন৷ ইয়াৰ পূৰ্বেও মছজিদৰ দানবক্সৰ পৰা কোটি কোটি টকা পোৱা গৈছিল৷ এইবাৰ এই দানৰ ধনে ৰেকৰ্ড ভাঙিছে৷ ময়মংসিংঙৰ অন্তৰ্গত কিশোৰগঞ্জ, নৰছুন্দা নদীৰ তীৰত অৱস্থিত এই ঐতিহাসিক পাগলা মছজিদ৷ এই মছজিদত আছে ৯টা লোহাৰ দানবক্স৷ সেই দানবক্স শনিবাৰে খোলা হৈছে৷ ৩ মাহ ২৬ দিন পাছত শনিবাৰে পুৱা এই দানবক্স খোলা হৈছে৷
ৰেকৰ্ড গঢ়ি পাগলা মছজিদৰ দানবক্সত ওলাইছে ২৮ বস্তা ধন৷ দুপৰীয়া পৰ্যন্ত কেইবাজনো লোকে গণি শেষ কৰিব পৰা নাই ধন৷ গণনাত অংশ লৈছে প্ৰায় ৩৫০ জন লোকে৷ গণনাৰ কাম কেইবাদিনো চলিব বুলিও জনাইছে ধন গণি থকা লোককেইজনে৷ কিশোৰগঞ্জৰ জিলা প্ৰশাসকে এই পাগলা মছজিদ কমিটিৰ সভাপতি মহম্মদ আবুল কালাম আজাদে এই সন্দৰ্ভত কয়, ‘‘৩ মাহ ২৬ দিন পাছত দানবক্স খোলা হৈছে৷ এইবাৰ বক্স খুলোতে ২৮ বস্তা ধন পাইছো৷ বেংক কৰ্মকৰ্তা আৰু মাদ্ৰাছাৰ ছাত্ৰই ধনৰ হিঁচাপ কৰি আছে৷’
ইয়াৰ পূৰ্বে ২০ এপ্ৰিলত পাগলা মছজিদৰ ৯টা দানবক্স খোলা হৈছিল৷ সেইবাৰ বক্সত পোৱা গৈছিল ৭কোটি ৭৮লাখ ৬৭ হাজাৰ ৫৩৭টকা৷ নগদ অৰ্থৰ ওপৰিও বৈদেশিক মুদ্ৰা আৰু স্বৰ্ণালংকাৰো পোৱা গৈছিল৷ এই মছজিদ সম্পৰ্কে থকা জনশ্ৰুতিমতে , এসময়ত আধ্যাত্মিক পাগল সাধকে বাস কৰিছিল কিশোৰগঞ্জত৷ এসময়ত জাগি উঠা ওখ টিলাকৃতিৰ স্থানত দেখা যায় এটা মছজিদ৷ শ শ বছৰ ধৰি মুছলমান, হিন্দু সকলো ধৰ্মৰ লোকেই পাগল সাধকৰ কাষলৈ গৈছিল৷ পাগল সাধকৰ দেহাৱসানৰ পাছত এই স্থানকেই পাগল পীৰৰ মছজিদ আখ্যা দিয়া হয়৷ এই পাগল পীৰ দেশ বিদেশৰ জনপ্ৰিয় হৈ উঠে৷ বিভিন্ন ধৰ্ম, বৰ্ণ নাৰী, পুৰুষ নিৰ্বিশেষে সকলোৱে এই পীৰলৈ যায়৷ এইসকলৰ মাজতে প্ৰায় লোকেই তাত নগদ ধন, অলংকাৰ আদিৰ ওপৰিও গৰু, ছাগলী, হাঁহ, মুৰ্গি আদি দান কৰি আহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ