বাংলাদেশ প্ৰতিবাদ, হাতত প্ৰাণ লৈ কাটা তাঁৰ পাৰ হৈ এইবাৰ ভাৰতীয় আহিল ভাৰতলৈ
ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত বিগত কিচুদিন ধৰি হিংসাত্মত পৰিস্থিতি চলি আছে। অগ্নিগৰ্ভ হৈ পৰিছে দেশ খন। ৰাজপথত প্ৰতিবাদৰ বাবে ওলাই আহিছে লাখ লাখ বাংলাদেশী লোক। চৰকাৰী চাকৰিৰ সংৰক্ষণৰ বিষয়টোক লৈ আৰম্ভ হোৱা প্ৰতিবাদে সমগ্ৰ দেশতে হিংসাত্মক ৰূপ ধাৰণ কৰিছে।
হিংসাত ক্ষতিগ্ৰস্ত দেশখনৰ পৰা এতিয়া বহু মানুহ প্ৰব্ৰজন কৰিবলৈ ধৰিছে। ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, এতিয়ালৈকে প্ৰায় ১০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী বিভিন্ন পথেৰে দেশলৈ উভতি আহিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি বাংলাদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতলৈ উভতি আহিছে ৭৭৮ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰী। নিয়মীয়া বিমানযোগে ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি অহাৰ কথা উল্লেখ কৰিছে মন্ত্ৰালয়ে।
১৯ জুলাই শুকুৰবাৰে ডাউকী চেক প’ষ্টৰ জৰিয়তে মেঘালয়ত ৩৬৩জন লোক উপস্থিত হয়৷ ইয়াৰ ভিতৰত আছিল ২০৪ জন ভাৰতীয়, ১৫৮ জন নেপালী আৰু এজন ভূটানৰ নাগৰিক। এই পৰ্যন্ত মেঘালয়ৰ ৮০ জন বাসিন্দা অন্য ঠাইৰ পৰা ৰাজ্যলৈ উভতি আহিছে। ইয়াৰে ১৩ জন লোক শুকুৰবাৰে নিজৰ গৃহ ৰাজ্যলৈ উভতি যায়। বাংলাদেশত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে তাত বসবাস কৰা মেঘালয়বাসীক সহায়ৰ বাবে ৰাজ্য চৰকাৰে হেল্পলাইন নম্বৰ আৰম্ভ কৰিছে।
ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্ত আৰু সহযোগী উচ্চায়ুক্তসমূহে বাংলাদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত পঢ়ি থকা কৰা ৪০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে আৰু প্ৰয়োজনীয় সহায় আগবঢ়াই আছে। নেপাল আৰু ভূটানৰ পৰাও ছাত্ৰ-ছাত্ৰীক ভাৰতলৈ আহিবলৈ সহায় কৰা হৈছে।
মূলতঃ স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে সংৰক্ষিত চাকৰিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। প্ৰতিবাদকাৰীসকলে এই ব্যৱস্থাৰ অন্ত পেলোৱাৰ দাবী জনাইছে, যিটো ব্যৱস্থা বৈষম্যমূলক আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামি লীগ দলৰ সমৰ্থকসকলৰ পক্ষত আছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ কন্যা, যিয়ে বাংলাদেশ মুক্তি যুদ্ধৰ নেতৃত্ব দিছিল।
ইয়াৰ পৰিৱৰ্তে মেধাভিত্তিক ব্যৱস্থা ৰূপায়ণ হোৱাটো বিচাৰে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদৰ সমন্বয়ক হাছনাত আব্দুল্লাই কয় যে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীলৈ ঘূৰি আহিব বিচাৰে, কিন্তু তেওঁলোকৰ দাবী পূৰণ হ’লেহে তেওঁলোকে তেনে কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ