বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পাছতেই ভনীয়েক ৰেহানাক লৈ এৰিছে বাংলাদেশ৷ তেওঁ ঢাকাৰ বাসভৱন তথা ‘গণভৱন’ এৰিছে শ্বেখ হাছিনাই৷ হেলিকপ্টাৰেৰে তেওঁ নিৰাপদ আশ্ৰয়ৰ উদ্দেশ্যে ৰাওনা হৈছে ভাৰতৰ দিশে বুলি একাংশ বাংলাদেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ বাংলাদেশ সেনাৰ অধীনত এতিয়া তদাৰকী চৰকাৰ গঠিত হ’ব পাৰে বুলি জনাইছে একাংশ সূত্ৰই৷ সূত্ৰৰ খবৰ অনুসৰি বাংলাদেশৰ সেনাবাহিনীৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী হাছিনাক সময় বান্ধি দিয়া হৈছিল পদত্যাগৰ বাবে৷
৪৫ মিনিট সময় হাছিনাক বান্ধি দিয়া হৈছিল৷ এই সময়ৰ ভিতৰতেই তেওঁ ইস্তাফা দিছে৷ বাংলাদেশ গণমাধ্যম সূত্ৰই জনোৱা অনুসৰি, দেশ এৰাৰ আগত হাছিনাই জাতিৰ উদ্দেশ্যে ভাষণ এটা ৰেকৰ্ড কৰিব বিচাৰিছিল৷ কিন্তু দেশৰ সেনাই তেওঁক সেই সুযোগ নিদিলে৷ হাছিনাৰ পদত্যাগৰ পাছতেই এতিয়া সেনাপ্ৰধান জেনেৰেল ৱায়াকাৰ-উজ-জামানে কিছু সময় পাছত জাতিৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰিব৷ হাছিনাই বাংলাদেশৰ আকাশসীমা অতিক্ৰম কৰিলে তেওঁ ভাষণ আৰম্ভ কৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷
হেলিকপ্টাৰেৰে দেশ এৰিছে হাছিনাই৷ এক সূত্ৰৰ দাবী যে হাছিনাই নতুন দিল্লীৰ সৈতে যোগাযোগ কৰিছিল৷ কিন্তু তেওঁক উদ্ধাৰৰ বাবে ভাৰতৰ পৰা বাংলাদেশলৈ কোনো বিমান পঠিওৱা নহ’ব বুলি স্পষ্টৰূপত জনাই দিয়ে নতুন দিল্লীয়ে৷ ভাৰতৰ তৰফৰ পৰা জনোৱা হৈছে, বাংলাদেশৰ আকাশসীমাৰ ভাৰতে কোনো বিমান নপঠিয়াই৷ কাৰণ সেয়া আইন উলংঘা কৰা হ’ব৷
ভাৰতৰ পৰা জনোৱা হৈছে যে হাছিনাই ভাৰতলৈকে নিজেই আহিব লাগিব৷ তাৰপিছতহে তেওঁক ভাৰতৰ বিমানে নতুন দিল্লীলৈ লৈ যাব৷ হেলিকপ্টাৰেৰে হাছিনা দিল্লী গৈ পোৱা সাধাৰণ কথা নহয়৷ সেয়ে হাছিনাৰ হেলিকপ্টাৰে নিকটবৰ্তী অৱতৰণ স্থান কলকাতা বিমানবন্দৰত অৱতৰণ কৰিব৷ তাৰপৰা বিশেষ বিমানেৰে হাছিনাক দিল্লীলৈ লৈ যোৱা হ’ব৷ অন্যান্য এক সূত্ৰৰ দাবী যে ত্ৰিপুৰা-আগৰতলা বিমানবন্দৰ আৰু শিলিগুৰিৰ ওচৰৰ বাগডোগৰা বিমানবন্দৰত তেওঁ অৱতৰণ কৰিব পাৰে৷
বিগত কেইবাদিন ধৰি বাংলাদেশত চৰকাৰ বিৰোধী আন্দোলন চলি আছে৷ আন্দোলনকাৰীৰ এটাই দাবী আছিল- হাছিনা চৰকাৰৰ পদত্যাগ৷ দেওবাৰে বিক্ষোভকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষত শতাধিক লোকে প্ৰাণ হেৰুৱাইছে৷ পৰিস্থিতি ক্ৰমে জটিল হৈ পৰাত সোমবাৰে পদত্যাগ কৰে হাছিনাই৷
দেওবাৰে সন্ধিয়া বাংলাদেশৰ অশান্তি ক্ষাম কটাবলৈকে কাৰ্ফিউ জাৰি কৰা হৈছিল৷ সোমবাৰৰ পৰা তিনি দিন ছুটিও ঘোষণা কৰিছিল চৰকাৰে৷ কিন্তু সোমবাৰে পুৱা কাৰ্ফিউক উপেক্ষা কৰি ঢাকাৰ ৰাজপথত ভিৰ কৰে বিক্ষোভকাৰীয়ে ৷ আন্দোলনকাৰীক আৰক্ষীয়ে লাঠিচাৰ্জ কৰে৷ কন্দোৱা গেছো এৰা হয়৷ কিন্তু আন্দোলন ক্ষাম নাকাটিল৷ শেষত বাংলাদেশ ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিল শ্বেখ হাছিনাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















