• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

3 weeks ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

6 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

6 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

8 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

9 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

9 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

10 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

10 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

11 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

12 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

কেতিয়া বন্ধ থাকিব বেংক?

editor by editor
September 5, 2026
in বাণিজ্য, বিবিধ, লেখা
0
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?
0
SHARES
527
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত বেংক ধৰ্মঘটৰ আহ্বান। বেংক ইউনিয়নে ১১ ছেপ্টেম্বৰত দেশজুৰি বেংক ধৰ্মঘটৰ আহ্বান জনাইছে। ২৬ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে এই ধৰ্মঘটৰ আহ্বান। এই বেংক ধৰ্মঘটৰ বাবে সাধাৰণ মানুহ চৰম সমস্যাৰ সন্মুখীন হ’ব পাৰে।

ধৰ্মঘট কেতিয়া?

ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে অবিৰতভাৱে বেংক ধৰ্মঘটৰ আহ্বান জনাইছে। ইয়াত দেশৰ ৰাজহুৱা খণ্ডৰ ৯০ শতাংশ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, বিদেশী বেংক, গ্ৰাম্য বেংক আৰু সমবায় বেংক আদি সামৰি লোৱা হৈছে। তেওঁলোকে কৈছে যে ১১ ছেপ্টেম্বৰত দেশজুৰি বেংক ধৰ্মঘট অনুষ্ঠিত হ’ব। তাৰ পিছত ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰত বেংক ধৰ্মঘট হ’ব। যদি দাবী পূৰণ নহয় তেন্তে ২৬ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট আহ্বান কৰা হৈছে।

ধৰ্মঘটৰ দাবী কি?

ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ এটা দাবী হ’ল বেংকসমূহ সপ্তাহত পাঁচ দিন খোলা থাকিব লাগে, দুদিন ছুটীৰ সৈতে। ২০২৪ চনত সপ্তাহত পাঁচ দিন বেংক খোলা ৰখাৰ নিয়মত বেংকসমূহে সন্মতি প্ৰকাশ কৰিছিল বুলি দাবী জনাইছে। এমাহৰ ভিতৰত দুটা শনিবাৰ বন্ধৰ পৰিৱৰ্তে প্ৰতি শনিবাৰ আৰু দেওবাৰে বেংক বন্ধ থাকিব । বিনিময়ত সোমবাৰৰ পৰা শুকুৰবাৰলৈ কামৰ সময় ৪০ মিনিট বৃদ্ধি কৰা হ’ব।

যদিও বেংকৰ কৰ্মচাৰীসকলে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে, তথাপিও বিত্ত মন্ত্ৰালয়ৰ অনুমোদন লাভ কৰা নাই। দুবছৰীয়া দাবী পূৰণৰ বাবে বেংক ধৰ্মঘটৰ আহ্বান জনাইছে সংগঠনটোৱে।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা নতুন প্ৰৰোচনামূলক আঁচনিখনৰ ওপৰতো বেংক কৰ্মচাৰী সংগঠনসমূহে আপত্তি দাঙি ধৰিছে আৰু দ্বিপাক্ষিক আলোচনাৰ দাবী জনাইছে। ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে চৰকাৰৰ পাৰফৰমেন্স লিংকড ইনচেণ্টিভ প্ৰত্যাহাৰৰ দাবী জনাইছে আৰু ইয়াক “একপক্ষীয় আৰু বৈষম্যমূলক” বুলি অভিহিত কৰিছে।

পুৰণি পিএলআই আঁচনিখন কি?

ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন আৰু বেংক কৰ্মচাৰী ইউনিয়নৰ মাজত হোৱা চুক্তিৰ ভিত্তিত ২০২০ চনৰ নৱেম্বৰ মাহত বৰ্তমানৰ পাৰফৰমেন্স লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিখনে প্ৰথম স্কেলৰ পৰা সপ্তম স্কেললৈকে বেংকৰ কৰ্মচাৰী আৰু বিষয়াসকলক সামৰি লৈছিল। বেংকৰ কাম-কাজ আৰু লাভৰ ওপৰত নিৰ্ভৰ কৰি কৰ্মচাৰীসকলে নূন্যতম এদিনৰ দৰমহাৰ পৰা সৰ্বাধিক ১৫ দিনৰ দৰমহালৈকে প্ৰৰোচনা লাভ কৰিব। এই প্ৰৰোচনাৰ নিয়ম একেটা বেংকৰ কৰ্মচাৰীৰ বাবে একে আছিল।

নতুন সূত্ৰৰ ওপৰত আপত্তি

সংগঠনটোৱে দাবী কৰে যে ২০২৪ চনৰ নৱেম্বৰ মাহত বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ বিত্তীয় সেৱা বিভাগে বেংকসমূহক স্কেল চতুৰ্থৰ পৰা সপ্তম স্কেললৈকে বিষয়াসকলৰ বাবে নতুন প্ৰৰোচনামূলক সূত্ৰ প্ৰৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছিল।

এই আদেশ ২০২০ৰ দ্বিপাক্ষিক চুক্তিৰ বিৰোধী বুলি অভিযোগ উত্থাপন কৰে সংগঠনসমূহে। কাৰণ নতুন ব্যৱস্থাত বেংকৰ সামগ্ৰিক কৰ্মক্ষমতাৰ পৰিৱৰ্তে প্ৰতিজন বিষয়াৰ ব্যক্তিগত কৰ্মক্ষমতাৰ ওপৰত ভিত্তি কৰি প্ৰৰোচনাৰ ব্যৱস্থা কৰা হৈছে। ইউনিয়নসমূহে দাবী কৰে যে নতুন আঁচনিখনত নিৰ্দিষ্ট বিষয়াসকলক তেওঁলোকৰ ব্যক্তিগত কৰ্মক্ষমতাৰ ওপৰত ভিত্তি কৰি সৰ্বাধিক ৩৬৫ দিনৰ দৰমহা পৰ্যন্ত প্ৰৰোচনা প্ৰদান কৰিব পৰা যাব। আনহাতে পুৰণি দ্বিপাক্ষিক চুক্তি আঁচনিখনত সৰ্বোচ্চ প্ৰৰোচনা আছিল ১৫ দিনৰ দৰমহা।

দেশৰ বেংকিং খণ্ডত মুঠ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ৮ লাখ। ইয়াৰে চতুৰ্থ স্কেলৰ পৰা সপ্তম স্কেললৈকে বিষয়াৰ সংখ্যা প্ৰায় ৪০ হাজাৰ অৰ্থাৎ মুঠ কৰ্মচাৰীৰ প্ৰায় ৫ শতাংশ। বাকী ৯৫ শতাংশ কৰ্মচাৰীৰ বাবে সৰ্বোচ্চ প্ৰৰোচনা এদিনৰ দৰমহা হোৱাৰ বিপৰীতে নতুন আঁচনিৰ অন্তৰ্ভুক্ত ৫ শতাংশ বিষয়াই ৩৬৫ দিনৰ দৰমহা পৰ্যন্ত প্ৰৰোচনা লাভ কৰিব পাৰে বুলি সংগঠনটোৱে দাবী কৰে।

এই নিৰ্দেশনাৰ বিৰোধিতা কৰি সংগঠনসমূহে আই বি এৰ সৈতে আলোচনা কৰি চৰকাৰৰ নতুন সূত্ৰৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়ায়। অৱশ্যে ইউ এফ বি ইউৰ দাবী যে ডি এফ এছ বা চৰকাৰৰ পৰা এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই।

সংগঠনটোৱে আৰু অভিযোগ কৰে যে নতুন ডি এফ এছ আঁচনিখন পুৰণি পাৰস্পৰিকভাৱে চুক্তিবদ্ধ ইউনিফৰ্ম পি এল আই ব্যৱস্থাৰ বিৰুদ্ধে। নতুন ব্যৱস্থাটোৱে বেংকৰ সামগ্ৰিক প্ৰদৰ্শনৰ পৰিৱৰ্তে ব্যক্তিগত কাম-কাজক গুৰুত্ব প্ৰদান কৰে। ইয়াৰ উপৰিও বিষয়াসকলক ‘ভাল প্ৰদৰ্শনকাৰী’ আৰু ‘বেয়া প্ৰদৰ্শনকাৰী’ৰ দৰে পৃথক পৃথক শিতানত ভাগ কৰিব লাগিব বুলিও অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰে যে ইয়াৰ ফলত মুঠ কৰ্মশক্তিৰ মাত্ৰ ৫ শতাংশৰ বাবে বেংকটোৰ বাবে অতিৰিক্ত আৰু অসমতাপূৰ্ণ খৰচ বৃদ্ধি হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত...

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.