সদ্য মাতৃ হৈছে বৰষা ৰাণী বিষয়া৷ বৰষাৰ মাতৃত্বৰ খবৰে সকলোকে আনন্দিতও কৰিছে৷ বহুজনে সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে বৰষা ৰাণী বিষয়াক৷ ২৩ ডিচেম্বৰত বৰষা ৰাণী বিষয়াৰ কোলা শুৱনি কৰিছে কন্যাই।
বৰষা-ভাস্কৰে সন্তান অহাৰ পূৰ্বে সন্তান আগমনক লৈ কোনো ধৰণৰ পোষ্ট বা ভিডিঅ’ শ্বেয়াৰ কৰা নাছিল৷ সকলোৱে বৰষাক দেখিহে অনুমান কৰিছিল যে বৰষা মাতৃ হোৱাৰ পথত৷ শেহতীয়াকৈ বৰষাই মাতৃ হোৱাৰ পূৰ্বে মৰা কিছু ফটো শ্বেয়াৰ কৰিছে৷
সামাজিক মাধ্যমত বৰষাই তেওঁৰ স্বামী ভাস্কৰক টেগ কৰি লিখিছে কিছু কথা৷ ‘ ‘‘প্ৰথমে পলাশৰ ৰঙেৰে ৰঙা কৰিলা এতিয়া প্ৰকৃতিৰ ৰঙেৰে মোৰ জীৱনলৈ ব’হাগ নমালা’’, বুলি ভাস্কৰক টেগ কৰি আপলোড কৰিছে কেইখনমান ফটো৷
প’ষ্টত বৰষা ৰাণী বিষয়াই অন্তঃসত্বা হৈ থকাৰ অৱস্থাৰ কেইখনমান বিশেষ ফটো শ্বেয়াৰ কৰিছে৷ প’ষ্টত বৰষা ৰাণীয়ে লিখিছে, ‘মই অন্তঃসত্বা অৱস্থাতত কোনোধৰণৰ ফটোশ্বুট কৰা নাছিলো। কিন্তু বিশেষ দিনটোৰ পূৰ্বে ভাস্কৰে কেইখনমান ফটো তুলি দিছিল৷’ অৱশ্যে বৰষা ৰাণী বিষয়াই এতিয়াও ৰাজহুৱা কৰা নাই কন্যা ফটো আৰু কন্যাৰ নাম। সকলোৱে বৰষা ৰাণীৰ কন্যাৰ নাম জানিবলৈ আগ্ৰহী হৈছে আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ