বিচিচিআইৰ কেন্দ্ৰীয় চুক্তি- এই চুক্তিৰ অধীনত কোন খেলুৱৈয়ে পাব কিমান টকা?
সোমবাৰ ২১ এপ্ৰিল তাৰিখে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে কেন্দ্ৰীয় চুক্তি। অৱশেষত সকলোৰে দৃষ্টি থকা কেন্দ্ৰীয় চুক্তি লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেয়াছ আয়েৰ আৰু ঈশান কিষানে। ইয়াৰ উপৰিও যোৱা বছৰ টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱাৰ পাছতো ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে গ্ৰেড এ+ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
বিচিচিআইৰ চুক্তিত ৪টা শিতান আছে, য’ত A+, A, B আৰু C গ্ৰেড অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰেড এ+ শিতানত থকা খেলুৱৈয়ে বছৰি ৭ কোটি টকা লাভ কৰাৰ বিপৰীতে এ গ্ৰেডৰ খেলুৱৈয়ে ৫ কোটি, বি গ্ৰেডৰ খেলুৱৈয়ে ৩ কোটি আৰু চি গ্ৰেডৰ খেলুৱৈয়ে বছৰি ১ কোটি টকা লাভ কৰে। উল্লেখ্য যে কেন্দ্ৰীয় চুক্তিত স্থান পাবলৈ হ’লে খেলুৱৈয়ে ৩খন টেষ্ট, ৮খন এদিনীয়া আৰু ১০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব লাগিব।
উইকেটকীপাৰ-বেটছমেন ঋষভ পন্তক বি গ্ৰেডৰ পৰা এ গ্ৰেডলৈ উন্নীত কৰা হৈছে, য’ত মহম্মদ চিৰাজ, কে এল ৰাহুল, শুবমান গিল, হাৰ্দিক পাণ্ডিয়া আৰু মহম্মদ শ্বামী আছে। ইফালে কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়ছৱাল আৰু ভাৰতৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ সৈতে আয়াৰক বি গ্ৰেডত স্থান দিয়াৰ বিপৰীতে কিষাণক চি গ্ৰেডত অন্তৰ্ভুক্ত কৰা হৈছে।
সদৰি হোৱা অনুসৰি বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ সম্পূৰ্ণ তালিকা-
গ্ৰেড A+ : ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, ৰবীন্দ্ৰ জাডেজা।
A গ্ৰেড : মহম্মদ চিৰাজ, কে এল ৰাহুল, শুবমান গিল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ ছামি, ঋষভ পন্ত।
B গ্ৰেড : সূৰ্য্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়ছৱাল, শ্ৰেয়াস আয়েৰ।
C গ্ৰেড : ৰিংকু সিং, তিলক ভাৰ্মা, ৰুতুৰাজ গাইকৱাদ, শিৱম ডুবে, ৰবি বিষ্ণোই, ৱাশ্বিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু চেমচন, আৰ্ষদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ৰজত পাটিদাৰ, ধ্ৰুৱ জুৰেল, সৰফৰাজ খান, নীতিশ কুমাৰ ৰেড্ডী, ঈশান কিষাণ, অভিষেক শৰ্মা, আকাশ দীপ, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰাণা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















