বিৰাটৰ পাছত এইবাৰ BCCIৰ নিয়মৰ বিৰুদ্ধে মাত মাতিলে কপিল দেবে, সলনি হ’ব নে এই নিয়ম
বিৰাট কোহলীয়ে শেহতীয়াকৈ বিচিচিআইৰ পৰিয়াল সম্বন্ধিত শাসনৰ বিৰুদ্ধে মাত মাতিছিল। ইয়াৰ পিছত দিল্লী কেপিটেলছৰ বলাৰ মোহিত শৰ্মাইও কৈছিল যে পৰিয়াল লগত থাকিলে সমস্যা কি? এতিয়া সেই একেটা বিষয়ৰ ওপৰত কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱেও মাত মাতিছে।
কেৱল আই পি এল ২০২৫ৰ বাবে প্ৰযোজ্য নিয়মৰ কথা ক’বলৈ গ’লে অনুশীলন বা মেচৰ সময়ত দলৰ ড্ৰেছিং ৰুমত পৰিয়ালৰ সদস্যক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। যদি পৰিয়ালৰ লোকে খেলখন চাব বিচাৰে তেন্তে গেলেৰীত থকা আতিথ্যৰ বক্সত বহি চাব পাৰিব।
শেহতীয়াকৈ বিৰাটে কৈছিল যে যেতিয়া কোনো খেলুৱৈয়ে বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ যায় তেতিয়া পৰিয়ালৰ উপস্থিতিয়ে তেওঁক পুনৰ ভাল অনুভৱ কৰাত সহায় কৰে। বিৰাটে লগতে ইয়াকো কয় যে কোনো খেলুৱৈয়ে অকলশৰীয়া হৈ বেয়া সময়ত কষ্ট ভোগ কৰিব নিবিচাৰে, বৰঞ্চ পৰিয়ালৰ উপস্থিতিয়ে দায়িত্বসমূহ ভালদৰে বুজিবলৈ সহায় কৰে।
এতিয়া ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে এখন গ’ল্ফ প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন কৰি কয় যে খেলুৱৈসকলে পৰিয়ালৰ সমৰ্থন লাভ কৰিব লাগে। তেওঁ কয়, ব’ৰ্ডৰ এই সিদ্ধান্ত অনুচিত। খেলুৱৈসকলক পৰিয়ালৰ সংগ লাগে, আৰু বোৰ্ডক লাগে দলৰ সমৰ্থন। লগতে ইয়াকো কয় যে, আমি আমাৰ সময়ত কৈছিলো যে খেলুৱৈক প্ৰথমাৰ্ধত ক্ৰিকেট খেলিবলৈ দিয়ক, কিন্তু দ্বিতীয়াৰ্ধত পৰিয়ালকো খেলপথাৰলৈ আহি খেল উপভোগ কৰিব দিয়ক। ইয়াত এটা মিশ্ৰণ দেখা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ