অসম লাইভ২৪ঃ বিগত বছৰৰ ২৩ আগষ্টৰ সন্ধিয়া চন্দ্ৰৰ মাটি চুইছে ভাৰতে। সফলভাৱে চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডিং কৰিছিল ভাৰতৰ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে। এই সাফল্যৰ সৈতে চন্দ্ৰৰ মাটিত মহাকাশযান নমোৱা দেশৰ ভিতৰত চতুৰ্থ স্থানত ভাৰতৰ নাম সন্নিবিষ্ট হৈছিল। ইয়াৰ পূৰ্বে আমেৰিকা, ৰাছিয়া, আৰু চীনেহে চন্দ্ৰৰ মাটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। কেৱল সেয়াই নহয়, চন্দ্ৰৰ মাটি ছুই আৰু এটি ইতিহাস তৈয়াৰ কৰিছে ইছৰোৱে। চন্দ্ৰৰ দক্ষিণ মেৰুত কোনো দেশেই অভিযান চলোৱা নাছিল। চন্দ্ৰৰ দক্ষিণ মেৰুৰ মাটি স্পৰ্শ কৰা ভাৰতেই প্ৰথমখন দেশ।
চন্দ্ৰৰ কুমেৰু আৱিষ্কাৰৰ কৃতিত্ব ভাৰতৰ হাতত। ইছৰোৱে চন্দ্ৰৰ দক্ষিণ মেৰু জয় কৰাৰ পাছতেই মহাকাশচাৰী পঠিওৱাৰ কথাও ভাৱিবলৈ আৰম্ভ কৰিছে। আমেৰিকানমহাকাশ গৱেষণা সংস্থা নাছাইয়ো এতিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱাৰ পৰিকল্পনা কৰিছে। কিন্তু চন্দ্ৰৰ দক্ষিণ মেৰুত সূৰ্যৰ পোহৰ নপৰে। চন্দ্ৰৰ সেই অংশ চিৰদিন আন্ধাৰত নিমজ্জিত হৈ থাকে। বিজ্ঞানীসকলৰ মতে, এই অংশত প্ৰাণৰ অস্তিত্বৰ বাবে উপকাৰী সম্পদ লাভৰো সন্ধান কৰিব বিজ্ঞানীয়ে।
অৱশ্যে চন্দ্ৰৰ সেই অংশ যিমান সম্ভাৱনাময়, সিমানেই বিশ্বাসঘাতকো। দক্ষিণ মেৰুৰ পদে পদে আছে বিপদ আৰু প্ৰতিকূলতা। এই অংশটো সম্পূৰ্ণৰূপে বৰফেৰে ঢাকি থাকে। ইয়াৰ সৈতে এই অংশ ভূমিকম্পপ্ৰৱণো। চন্দ্ৰৰ দক্ষিণ মেৰুত বিশাল বিশাল খাদো আছে। কোনো কোনো ক্ষেত্ৰত খাদৰ বিস্তাৰ হাজাৰ কিঃমিঃ বেছি। পোহৰ কম থকাৰ বাবে উন্নত প্ৰযুক্তি সম্বলিত মহাকাশযানো এই অংশত আহি কাবু হৈ যায়।
বিজ্ঞানীয়ে জনোৱামতে ভূমিকম্পৰ সম্ভাৱনা দক্ষিণ মেৰুত খুবেই বেছি। কিন্তু দক্ষিণ গোলাৰ্ধত কিয় বাৰে বাৰে ভূমিকম্প হয়? ৱাছিংটনৰ স্মিথছোনিয়ান ইনষ্টিটিউছনৰ বিজ্ঞানী টম ৱাৰ্টাৰ্ছৰ নেতৃত্বত আৰম্ভ হোৱাৰ গৱেষণাই জনোৱা অনুসৰি দক্ষিণ মেৰুত ঘনাই মৃদু কম্পন হৈয়েই থাকে। নাছাৰ গৱেষণা আৰু প্লেনেটেৰি ছায়েন্স জাৰ্নালত প্ৰকাশিত এক সমীক্ষাই দাবী কৰা অনুসৰি চন্দ্ৰৰ দক্ষিণ মেৰু অতি শীতল। ইয়াৰোপৰি চন্দ্ৰৰ এই শীতল কেন্দ্ৰত ঘনাই জোৱাৰ উঠি থাকে। সেয়ে দক্ষিণ মেৰুত ঘনাই ভূমিকম্প হৈয়েই থাকে। ইয়াৰোপৰি বিজ্ঞানীৰ অনুমান যে মাজে মাজে চন্দ্ৰৰ মাটি সংকুচিত হোৱাৰ বাবেই চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত ভূমিকম্প অনুভূত হৈ থাকে।
বিজ্ঞানীসকলৰ মতে, চন্দ্ৰৰ মাটিৰ তলতো সংকোচন হৈ থাকে যাৰবাবে চন্দ্ৰৰ মাটিত ফাঁট মেলে। চন্দ্ৰৰ তলৰ মাটি ওপৰলৈ উঠি আহে। নাছাৰ লুনাৰ ৰিকনেচাঞ্চ অৰবিটাৰে চন্দ্ৰৰ ভূত্বকত বহু ফাঁট চিনাক্ত কৰিছে। যি অঞ্চলত ফাঁটৰ সংখ্যা বেছি সেই স্থানতেই আৰ্তেমিছ-৩ মহাকাশযান অৱতৰণ কৰোৱাৰো পৰিকল্পনা কৰিছে নাছাই। লক্ষ্য এই এলেকাসমূহত গৱেষণা চলোৱা। চন্দ্ৰত ঘনাই হৈ থকা ভূমিকম্পৰ বাবেই নাছাই মানুহ পঠিওৱাটো সঠিক হ’বনে সেই বিষয়ে আৰম্ভ কৰিছে চিন্তা চৰ্চা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ