আধ্যাত্মিক নেতা দালাই লামাক ভাৰত ৰত্ন দিয়াৰ বাবে প্ৰস্তুতি
তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামা বৰ্তমানে বাতৰিৰ শিৰোনামত। ৬ জুলাইত ৯০ সংখ্যক জন্মদিন উদযাপন কৰে নেতাগৰাকীয়ে। জন্মদিন উপলক্ষে দালাই লামাই তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচন সন্দৰ্ভতো এক ডাঙৰ ঘোষণা কৰিছিল, যাৰ ওপৰত চীনে আপত্তি কৰিছে। চীন আৰু দালাই লামাৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা বিবাদৰ মাজতে আন এক ডাঙৰ খবৰ ওলাইছে।
দালাই লামাক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন” বঁটা প্ৰদানৰ প্ৰক্ৰিয়া ভাৰতত তীব্ৰতৰ হৈ পৰিছে। ভাৰতৰ সাংসদৰ সৰ্বদলীয় মঞ্চই দলাই লামাক ভাৰতৰত্ন সন্মান দিয়াৰ পৰামৰ্শ আগবঢ়াইছে। কেৱল এয়াই নহয়, ৮০জন সাংসদেও এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছে। অতি শীঘ্ৰেই এই প্ৰস্তাৱ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব।
কিন্তু দালাই লামা ভাৰতীয় নাগৰিক নহয়। বৰ্তমানৰ চীনৰ অধীনত থকা তীব্বতৰ হে নাগৰিক আছিল, লগতে তিব্বতৰে আধ্যাত্মীক গুৰু। যাৰ বাবে তেখেতক ভাৰতৰত্ন প্ৰদানক লৈ উত্থাপিত হৈছে প্ৰশ্ন। ১৯৫৯ চনৰ পৰা তিব্বতৰ পৰা নিৰ্বাসিত নাগৰিক হিচাপে ভাৰতত বসবাস কৰি আছে দালাই লামাই, এতিয়াও ভাৰতীয় নাগৰিকত্ব লোৱা নাই তেখেতে। বৰ্তমানে ধৰ্মশালাক নিজৰ মুখ্য কাৰ্যালয় কৰি লৈছে দালাই লামাই।
ভাৰত ৰত্ন দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা, কিন্তু এই বঁটা কেৱল ভাৰতীয় লোককেই নহয়, পূৰ্বে তিনিজন বিদেশী নাগৰিকক এই সন্মান প্ৰদান কৰা হৈছে। এই বঁটা পাকিস্তানী নাগৰিক খান আব্দুল গফৰ খান, নেলছন মেণ্ডেলা আৰু মাদাৰ টেৰেছাক প্ৰদান কৰা হৈছে। অৱশ্যে পাছলৈ মাদাৰ টেৰেছাই ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে। এইবাৰ যদি দালাই লামাক এই বঁটা প্ৰদানৰ সকলো ব্যৱস্থা সম্পূৰ্ণ হৈ উঠে, তেন্তে চতুৰ্থ গৰাকী বিদেশী নাগৰিক হ’ব যিয়ে ভাৰতৰত্ন বঁটা লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















