ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা আৰ বিআইৰ নাম পৰিবৰ্তনৰ পক্ষে প্ৰশ্ন তুলিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবলৰ। দিল্লীত এক অনুষ্ঠানত দত্তাত্ৰেয়ই কয়, ‘ইংৰাজিত আমি ইণ্ডিয়া কওঁ। কিন্তু ভাৰতীয় ভাষাত আমাৰ দেশৰ নাম ভাৰত। তেন্তে কিয় আমাৰ কনষ্টিটিউছন অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নাম এতিয়াও সলনি হোৱা নাই? এনেকৈ কেনেকৈ চলিব। এই প্ৰশ্ন কিয় নুতুলে, সকলোৱে এই প্ৰশ্ন কৰা উচিত। যদি দেশৰ নাম ভাৰত হয় তেন্তে সকলোবোৰৰ নামকৰণ তেনেকৈয়ে কৰা উচিত।
লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰত বনাম ইণ্ডিয়া বিতৰ্ক চলিছিল। বিৰোধী জোঁটৰ নামকৰণৰ পৰাই ইণ্ডিয়া বনাম ভাৰত বিতৰ্কও আৰম্ভ হয়। ইয়াৰমাজতেই স্কুলৰ সকলো পাঠ্যক্ৰমত ইণ্ডিয়া মুচি তাৰস্থানত ভাৰত লিখা হয়। কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ৰ নথিতো ইণ্ডিয়াৰ ঠাইত ভাৰত হয়।
উল্লেখ্যে যে ইংৰাজিত দেশৰ নাম ইণ্ডিয়া এতিয়াও আছে তাকে লৈ দেশজুৰি চলি আছে তৰ্ক বিতৰ্ক। বিজেপি বিৰোধী জোঁটৰ নাম ইণ্ডিয়া। ইয়াৰপাছতেই জাতীয় ৰাজনীতিত ইণ্ডিয়া বনাম ভাৰত বিতৰ্ক আৰম্ভ হয়। জি-২০ সন্মিলনতো ইণ্ডিয়া অঁতৰাই ভাৰত লিখা হৈছিল। দেশৰ ৰাষ্ট্ৰপতিৰ নামফলকত পূৰ্বে থকা প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ সলনি প্ৰেছিডেণ্ট অফ ভাৰত লিখা হৈছে। ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী মোদীৰ নামফলকতো পিএম অফ ইণ্ডিয়াৰ সলনি পি এম অফ ভাৰত লিখা হৈছে। ইণ্ডিয়া নামটোক ঔপনিবেশিক আখ্যা দিছে গেৰুৱা শিৱিৰে। আৰু শেহতীয়াকৈ সেই যুক্তিতেই আৰ বি আইৰ নামো সলনি কৰি ভাৰত ৰখাৰ অনুৰোধ জনাইছে আৰ এছ এছ নেতাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ