আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ বহু প্ৰতীক্ষাৰত বিবাহখন যোৱা ১৪ এপ্ৰিলত সম্পন্ন হৈ যায়। কাপুৰ পৰিয়ালৰ বান্দ্ৰাৰ ‘বাস্তু’তে বৈশাখীৰ দিনাই পৰিয়াল আৰু ঘণিষ্ঠ বন্ধবৰ্গৰ উপস্থিতিত দুয়োৱে বিবাহপাশত অৱদ্ধ হয়৷
সৰু কিন্তু ৰাজকীয় শৈলীৰে অনুষ্ঠিত হৈ যোৱা বিবাহৰ পিছতে সেই বিবাহক লৈ দেশৰ সংবাদ মাধ্যম এতিয়াও ব্যস্ত হৈ থকা দেখা গৈছে। ইফালে বিবাহৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল কৰি নৱ দম্পতীহালেও সংবাদ মাধ্যমক পৰোক্ষভাৱে উৎসাহিত কৰা দেখা গৈছে।
কিন্তু ইয়াৰ মাজতে তেওঁলোকৰ বিবাহক লৈ কিছুমান আকৰ্ষণীয় তথ্যও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
লগতে পঢ়ক বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?
ইয়াৰ মাজৰ আটাইতকৈ আকৰ্ষণীয় তথ্যটো হৈছে কইনা আলিয়া ভাটে প্ৰতিগৰাকী অতিথিকে উপহাৰ প্ৰদান কৰে৷ কইনা আলিয়াই নিজে বাচি ক্ৰয় কৰা কাশ্মীৰী শাল প্ৰতিগৰাকী অতিথিকে উপহাৰ হিচাপে প্ৰদান কৰা বুলি প্ৰকাশ পাইছে৷
ইফালে আলিয়াৰ মাতৃ তথা ৰণবীৰ শাহুৱেক চ’নী ৰাজদানে জোঁৱাইয়েক ৰণবীৰক উপহাৰ হিচাপে দিছে প্ৰায় ২.৫ কোটি টকীয়া এটা বিলাসী হাত ঘড়ী৷
আনহাতে, আমোদজনক খবৰটো হৈছে ভাট্ট পৰিয়ালৰ মহিলাসকলে দৰা ৰণবীৰৰ জোতা চুৰি কৰি লুকুৱাই ৰাখে৷ তেওঁলোকে জোতাযোৰ ঘূৰাই দিয়াৰ বিনিময়ত ৰণবীৰৰ ১১.৫ কোটি টকা দাবী কৰে৷
লগতে পঢ়ক ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি
বহু অনুনয় বিনুনয়ৰ পিছত ৰণবীৰে ভাট্ট পৰিয়ালৰ মহিলাসকলৰ হাতত এটা ভৰ্তি খাম তুলি দিয়ে৷ সেই ভৰ্তি খামটো পোৱাৰ পিছতে ভাট্ট পৰিয়ালৰ মহিলাসকলে দৰা ৰণবীৰৰ জোতাযোৰ উলিয়াই দিয়ে৷ ইয়াৰ পিছত তেওঁলোকে দৰা ৰণবীৰে দিয়া খামটো খুলি চাই দেখে যে ৰণবীৰে তেওঁলোকক মাত্ৰ ১ লাখ টকাহে দিয়ে৷
এই সকলোবোৰ কথা কাপুৰ পৰিয়ালৰ বিশেষ পুৰোহিত তথা বিবাহখন সম্পন্ন কৰা পুৰোহিত ৰাজেশ শৰ্মাই প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।
পুৰোহিত ৰাজেশ শৰ্মাৰ মতে, কিছুমান পৰম্পৰা সকলোৰে হিতৰ বাবে বাদ দিয়া হৈছে। আলিয়াই বিয়াৰ পাঁচ দিনৰ পিছতে হলীউডৰ ছবি ‘দ্য হাৰ্ট অফ ষ্টোন’ৰ দৃশ্যগ্ৰহণত ব্যস্ত থাকিব বাবেই কিছুমান পৰম্পৰা বাদ দিয়া হৈছে বুলি প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ