কোভিড অতিমাৰীয়ে সমগ্ৰ বিশ্বৰে শিশুসকলৰ ওপৰতো বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ লকডাউনৰ ফলত বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ ফলত শিশুসকলৰ কেৱল শৈক্ষিক জীৱনতে নহয় তেওঁলোকৰ মানসিক জগতখনতো বিশেষ প্ৰভাৱ পৰা দেখা গ’ল৷
দীৰ্ঘদিন ধৰি বিদ্যালয়সমূহ বন্ধ থকাৰ ফলত শিশুসকলৰ শৈক্ষিক জীৱন একপ্ৰকাৰে মোবাইল নিৰ্ভৰ হৈ পৰে৷ অৰ্থাৎ অনলাইন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হোৱাত শিশুসকল অধিকভাৱে মোবাইল নিৰ্ভৰ হৈ পৰে৷
ইয়াৰ পিছৰে পৰা অভিভাৱকসকল দুঃচিন্তাত পৰা পৰিলক্ষিত হৈছে৷ অৰ্থাৎ শিশুসকলৰ বৰ্ধিত মোবাইল নিৰ্ভৰ অৱস্থাই শিশুসকলৰ অভিভাৱকসকলৰ চিন্তান্বিত কৰি তুলিছে৷
লগতে পঢ়ক ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি
ইফালে ভাৰতত নতুন শিক্ষা নীতি আৰম্ভ হৈছে৷ নতুন শিক্ষা নীতিয়ে শিশুসহ শিক্ষাৰ্থীসকলৰ ইন্টাৰনেট নিৰ্ভৰতাক পূৰ্বতকৈ বৃদ্ধি কৰিব৷ অতিমাৰীৰ পিছতে নতুন শিক্ষা নীতিৰ প্ৰচলন কৰাৰ ফলত শিশুৰ অভিভাৱকসকলৰ দুঃচিন্তাত আৰু বৃদ্ধি কৰিছে৷
এইসমূহৰ কাৰকে শিশুসকলৰ মোবাইল মেনিয়া(Moble Mania) ভয়ংকৰভাৱে বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ শিশুসকলক মোবাইল মেনিয়াৰ পৰা কিদৰে মুক্ত কৰিব পাৰি সেই বিষয়ে আজি আমি অভিভাৱকসকল যৎসামান্য পৰামৰ্শ আগবঢ়াইছো৷
কিতাপৰ সৈতে ঘণিষ্ঠ হ’বলৈ শিকাওক
লকডাউনৰ সময়ৰে পৰা শিশুসকলৰ কিতাপৰ সৈতে থকা সম্পৰ্কত এক বিৰাম আনি দিলে৷ ইফালে ইণ্টাৰনেট নিৰ্ভৰ শিক্ষা অৰ্থাৎ অনলাইন মাধ্যমৰ শ্ৰেণীয়ে কিতাপৰ সৈতে দূৰত্ব বৃদ্ধি কৰিছে৷ সেই দূৰত্ব নাইকিয়া কৰিবলৈ অভিভাৱকে শিশুসকলক কাৰ্টুন, সাধু কথা, পচন্দৰ কাহিনী কিতাপ আদিৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে৷ কণ কণ শিশুসকলক প্ৰথমে অভিভাৱকে পঢ়ি সেই সাধুসমূহ শুনাবও পাৰে৷ তেওঁলোকক তেনে কিতাপ উপহাৰো দিব পাৰে৷
লগতে পঢ়ক বিজেপিৰ সহযোগী দলৰ ভগৱান ৰামক আক্ৰমণ, ‘ৰাম ভগৱান নহয়, এটা কাহিনীৰ চৰিত্ৰহে’
ঘৰুৱা কামত লগাওক
অভিভাৱকে শিশুৱে কৰিব পৰা কামসমূহ শিশুৰ হতুৱাই কৰাব পাৰে৷ অৰ্থাৎ ঘৰুৱা কামত সহায় হোৱাকৈ তেওঁলোকক কিছু কামত লগাব পাৰিলে মোবাইলৰ পৰা দিনটোৰ কিছু সময় আঁতৰাই ৰাখিব পাৰিব৷ তেনে কৰোতে শিশুসকলক ফূৰ্তি পোৱাকৈ পৰিৱেশ এটা সৃষ্টি কৰিব পাৰিলে ই অতি কাৰ্যকৰী হৈ উঠিব পাৰে৷
প্ৰকৃতিৰ প্ৰতি আকৃষ্ট কৰি তোলক
ফোন আৰু টিভি স্ক্ৰীণৰ পৰা দূৰত ৰাখিবলৈ তেওঁলোকক প্ৰকৃতিৰ প্ৰতিও আকৃষ্ট কৰোৱাব পাৰে৷ প্ৰকৃতিক ভাল পাবলৈ শিকোৱাৰ লগতে প্ৰকৃতিক উপভোগ কৰিবলৈ শিকাব পাৰে৷ তাৰবাবে অভিভাৱকে নিজেও প্ৰকৃতিক ভাল পাব লাগিব, লগতে সামান্য হ’লেও প্ৰকৃতি বিষয়ক জ্ঞান থকাতো জৰুৰী৷ শিশুসকলক সময়ে সময়ে গছ, উদ্ভিদ, জন্তু আৰু চৰাইৰ সৈতে সম্পৰ্কিত কিছুমান আকৰ্ষণীয় তথ্য ক’ব লাগে।
লগতে পঢ়ক WhatsAppত পুনৰ চাৰিটা নতুন ফিছাৰ! কি কি নতুন বৈশিষ্ট্যযুক্ত হ’ল হোৱাটছএপ?
শিশুৰ সৈতে বাহিৰত অলপ সময় দিয়ক
শিশুৰ শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ তেওঁলোকক সময় দিয়ক৷ তেওঁলোকক বাহিৰত খেলিবলৈ কোৱাৰ লগতে যিমান সম্ভৱ সিমান সময় তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে বাহিৰৰ খেল খেলিবলৈ পঠিয়াব পাৰে৷ আজৰিৰ সময়তো অভিভাৱকে নিজেও শিশুসকলক ঘৰৰ পৰা উলিয়াই নিব পাৰে৷
মোবাইল ফোন লক কৰি ৰাখক
আপুনি শিশুসকলক ফোনৰ পৰা আঁতৰাই ৰাখিবলৈ ফোনটো লক কৰিব পাৰে। চৰ্তসাপেক্ষে কেৱল নিৰ্ধাৰিত সময়ৰ বাবে শিশুক মোবাইল চাবলৈ দিব পাৰে৷ অৰ্থাৎ দৈনিক ওপৰত কৈ অহা কামসমূহ কৰিলে শিশুক মোবাইল চুবলৈ দিম বুলি কথা দিয়ক আৰু সেই মতে তেওঁলোকে সেইসমূহ কৰাৰ পিছত কথা দিয়াৰ মতেই নিৰ্দিষ্ট সময়ৰ বাবে মোবাইল ফোন চুবলৈ দিয়ক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ