ডিজিটেল ডেস্কঃ কেৱল চাকৰি কৰিয়েই নহয়, ডিজিটেলৰ এই যুগত আপুনি যদি ডিজিটেলী দিশতো সুদক্ষতাৰে কাম কৰি যায়, তেন্তে আপোনাৰ সপোন সাকাৰ কৰিবলৈ বেছি পৰ নালাগে। এই কথাষাৰীয়েই পুনৰ এবাৰ প্ৰমাণ কৰিলে দেশৰ আগশাৰীৰ ইউটিউবাৰ তথা অভিনেতা ভূবন বামে।
মায়ানগৰী মুম্বাইত নিজৰ এখন ঘৰ হোৱাৰ কল্পনা কোনেনো নকৰে! সেই একে সপোনৰ পিছা কৰিয়েই নিজৰ লক্ষ্যত উপনীত হল ভূবন বাম। মুম্বাইত নিজাববীয়াকৈ এখন ঘৰ ক্ৰয় কৰিলে ভূবন বামে। ইউটিউবকে সাৰথি কৰি আগবঢ়া ভূূবন বাম এতিয়া ডিজিটেল প্লেটফৰ্মৰ অপ্ৰতিৰোধ্য এক শক্তি বুলি কলেও ভুল কোৱা নহব।
মুম্বাইত ১১কোটি টকাৰে ভূবন বামে ক্ৰয় কৰিছে এই নতুন ঘৰটো। প্ৰাপ্ত খবৰ অনুসৰি, ঘৰ ভিতৰভাগৰ ৰং সম্পূৰ্ণ বগা হিচাপে ৰাখিব ইউটিউবাৰগৰাকীয়ে। ইতিমধ্যে ঘৰটোৰ ভিতৰভাগৰ কেইবাখনো ফটো ৰাজহুৱা কৰিছে তেওঁ। উল্লেখ কৰা প্ৰয়োজন যে, ভূবন বামৰ মুখ্য ইউটিউব চেনেলটোত অনুৰাগীৰ সংখ্যা ২৬মিলিয়নতকৈ অধিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ