বোল বোম যাত্ৰাত অঘটন, প্ৰাণ হেৰুৱালে ৯ ভক্তই, বহু আহত, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা
বিহাৰৰ বৈশালী জিলাত দেওবাৰে বোল বল তথা কাঁৱড় যাত্ৰাৰ সময়ত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। বোল বল যাত্ৰাত অংশগ্ৰহণ কৰা ডিজে ট্ৰলীত বিদ্যুৎস্পৃষ্ট হৈ ৯ জন লোকৰ মৃত্যু। জানিব পৰা মতে, এই কাঁৱৰীয়াসকলে ডিজে ট্ৰলীত উঠি ভোলে বাবাৰ গীতত নাচি আছিল, কিন্তু হঠাতে ডিজে ট্ৰলীৰ এটা অংশ উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত আবদ্ধ হৈ পৰে। ইয়াৰ পিছত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। হাজীপুৰ ঔদ্যোগিক থানা এলেকাৰ চুলতানপুৰত সংঘটিত হৈছে এই ঘটনা।
কোৱা হৈছে যে যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোক সকলো কম বয়সৰ। আনুমানিক ১৫ ৰ পৰা ২০ বছৰৰ ভিতৰত মৃত্যু হোৱা ৯ জন । এই আটাইকেইজন ডিজে ট্ৰলীত উঠি পাহেলজা ঘাটলৈ গৈ আছিল। তাৰ পৰা পানী লৈ গাঁৱৰ মন্দিৰত জলাভিষেক কৰিব, কিন্তু তাৰ পূৰ্বেই এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়।
ডিজে ট্ৰলীখন চুলতানপুৰ গাঁৱৰ পৰা ওলাই যোৱাৰ লগে লগে মূৰৰ ওপৰেৰে পাৰ হৈ যোৱা ১১ হাজাৰ ভল্টৰ উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰে ডিজেৰ হৰ্ণত খুন্দা মাৰে আৰু ট্ৰলীখনত বিদ্যুৎস্পৃষ্ট হৈ পৰে। ইয়াৰ বাবেই ট্ৰলীখনত অগ্নিকাণ্ড সংঘটিত হয় আৰু তাত যাতায়ত কৰা সকলো লোক জীৱিত অৱস্থাত জ্বলি যায়।
ঘটনাৰ পিছত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছত গাঁৱৰ মানুহে বিদ্যুৎ বিভাগক ফোন কৰি লাইন কাটি দিয়ে, তেতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে, মৃত্যু হোৱা লোকসকলৰ ভিতৰত চাৰিজন চুলতানপুৰ গাঁৱৰ বাসিন্দা হোৱাৰ বিপৰীতে বাকী পাঁচজন নগৰ থানা এলেকাৰ যধুৱা বধৈ তোলাৰ বাসিন্দা।
সেই ঘটনাতে আন কেইবাজনো আহত। আহত সকলৰ মাজৰ দুজনৰ অৱস্থা সংকটজনক। বৰ্তমানে হাস্পতালত চিকিৎসাধীন কেউজন আহত। একে সময়তে ঘটনাৰ পিছতে এছডিএম, এছডিপিঅ’কে ধৰি বৃহৎ সংখ্যক আৰক্ষী বাহিনী সেই স্থানত উপস্থিত হয় যদিও ৰাইজৰ ক্ষোভ দেখি বহু সময়ৰপাছতহে ৰাইজক শান্ত কৰি মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
স্থানীয় লোকে অভিযোগ কৰে যে ফোন কৰাৰ পিছতো বিদ্যুৎ বিভাগৰ লোকে ততাতৈয়াকৈ লাইট কাটি নিদিলে, যাৰ বাবে মানুহক বচাব পৰা নাযায়। তৎক্ষণাত লাইট বন্ধ কৰি দিয়া হ’লে বহু লোকৰ জীৱন ৰক্ষা কৰিব পৰিলহেঁতেন৷ সেইবাবেই বিদ্যুৎ বিভাগৰ দুজন কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। কিন্তু এই দুৰ্ঘটনাই দুখন গাঁৱত শোকৰ ছাঁ পেলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ