আমবাৰী নৱযুগ এল পি স্কুলত ভোটদান সাব্যস্ত কৰিলে বিজয় গুপ্তাই৷
ভোটদান সাব্যস্ত কৰি বিজয় গুপ্তাই সংবাদমাধ্যমৰ আগত ৰাখিছে নিজৰ মন্তব্য৷
বিজয় গুপ্তাই কয়- মই বহু আগতে ভোট দিছিলো, আজিও দিম, ভৱিষ্যতেও দিম৷
এইবাৰৰ নিৰ্বাচন অলপ বেলেগ, সকলোৱে নিজৰ নিজৰ ঠাইত ভোট দিয়ক৷
মানুহৰ মাজত গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা আছে বাবেই ওলাই আহিছে৷
মই ভাৰতীয় জনতা পাৰ্টীৰ মনোনিত প্ৰাৰ্থী হিচাপে নিজকে খুবেই গৌৰৱ কৰিছো৷
সকলো ওলাই আহক, আজি বতৰ বেয়া সেয়ে সোনকালে ওলাই আহি ভোট দিয়ক৷
মই এতিয়া ভোট দি সমষ্টিত ঘূৰিম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















