অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশৰ কানপুৰত ৮ গৰাকী আৰক্ষীক গুলীয়াই হত্যা কৰা বিকাশ ডুবেৰো অনুৰূপ পৰিণতি। আৰক্ষীৰ গুলীত মৃত্যু হ’ল কুখ্যাত গেংষ্টাৰ বিকাশ ডুবেৰ।
কেনকৈ ৰণত পৰিল বিকাশ ডুবে
কানপুৰত আৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰি পলায়ন কৰিছিল বিকাশ ডুবেয়ে। মধ্যপ্ৰদেশৰ উজ্জেনত বুধবাৰে গ্ৰেপ্তাৰ হৈছিল কুখ্যাত অপৰাধী বিকাশ ডুবে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে মধ্যপ্ৰদেশ আৰক্ষীৰ পৰা চমজি লৈছিল অপৰাধীটোক। বিকাশ ডুবেক লৈ অহাৰ সময়ত কানপুৰৰ ভওটি এলেকাত দুর্ঘটনাত পতিত হয় আৰক্ষীৰ বাহনখন। দুর্ঘটনাৰ সুযোগ লৈ গেংষ্টাৰ বিকাশ ডুবে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লয় আৰু গুলীবর্ষণ কৰে। গুলীৰে প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে। এই সংঘর্ষত উত্তৰ প্ৰদেশ আৰক্ষীৰ দুগৰাকী জোৱান আহত হয়। আনহাতে তিনিটা গুলীৰে বিদীর্ণ হয় বিকাশ ডুবেৰ শৰীৰ। ঘটনাস্থলীতে বাগৰি পৰে কুখ্যাত অপৰাধীটো। গুলিবিদ্ধ বিকাশ ডুবেক হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
কেনৈক ধৰা পৰিছিল গেংষ্টাৰ
কানপুৰত যোৱা ২ জুলাইত আৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ পাছত পলায়ন কৰিছিল বিকাশ ডুবেয়ে। বিকাশ ডুবেক কৰায়ত্ত কৰাৰ বাবে উত্তৰ প্ৰদেশৰ লগত আন কেবাখনো ৰাজ্যৰ আৰক্ষী তৎপৰ হৈ উঠিছিল। মঙলবাৰে বিকাশ ডুবেৰ উপস্থিতি ধৰা পৰিছিল ফৰিদাবাদৰ এখন হোটেলৰ চিচিটিভি কেমেৰাত। সেয়াই আছিল আৰক্ষীৰ ক্লু। ইয়াৰ পাছত মধ্যপ্ৰদেশৰ উজ্জেনৰ মহাকাল মন্দিৰত আশ্ৰয় লোৱাৰ চেষ্টা চলাইছিল কুখ্যাত অপৰাধীটোৱে। মহাকাল মন্দিৰৰ সুৰক্ষা কর্মীয়ে মন্দিৰ চৌহদত অপৰাধীটোক দেখা পাই খবৰ দিছিল আৰক্ষীক। বুধবাৰে মহাকাল মন্দিৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ ডুবেক। ইতিমধ্যে আৰক্ষীয়ে বিকাশ ডুবেৰ সহযোগী আৰু পত্নী-পুত্ৰসহ কেবাগৰাকীও আত্মীয়ক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি আৰক্ষীৰে সংঘর্ষত নিহত হৈছে বিকাশ ডুবেৰ কেবাগৰাকীও সহযোগী। থানাৰ ভিতৰত মন্ত্ৰীক হত্যাকে ধৰি ৬০টাৰো অধিক গোচৰত অভিযুক্ত বিকাশ ডুবে অধ্যায়ৰ অৱশেষত অন্ত পৰিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ