অসম লাইভ ২৪ঃ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ আজি ওপজা দিন। খেয়ালী জুবিনৰ সৈতে একেলগে ২০ টা ফাগুন গৰকা গৰিমা শইকীয়াৰ ওপজা দিনত সামাজিক মাধ্যমযোগে বহুতেই জনাইছে শুভেচ্ছা। বহুতেই ওপজা দিনত গৰিমা গাৰ্গক শুভেচ্ছা জনাই লিখিছে, ‘মৰমৰ জুবিন দাক সামৰি ৰখা বৌ জনী সদায়ে কুশলে থাকক।’
গুগলত যদিও গৰিমা গাৰ্গৰ পৰিচয় জুবিন গাৰ্গৰ পত্নী বুলি আছে কিন্তু গৰিমা গাৰ্গৰো আছে নিজা পৰিচয়। অসমৰ প্ৰতিষ্ঠিত মহাবিদ্যালয় তথা বৰ্তমানৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় কটনৰ পৰা স্নাতক গৰিমা শইকীয়াই মুম্বাইৰ ছফিয়া কলেজৰ পৰা ফেশ্বন ডিজাইনাৰৰ শিক্ষা গ্ৰহণ কৰিছিল। ফেশ্বন ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠিত গৰিমা শইকীয়াই ২০০২ চনত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেতিয়াৰে পৰাই গৰিমা শইকীয়া গাৰ্গ হিচাপে প্ৰতিগৰাকী অসমীয়াৰ আপোন বৌ হৈ পৰিচিত হৈ পৰে গৰিমা শইকীয়া।
জুবিন গাৰ্গেও গৰিমা সন্দৰ্ভত দিয়া এক মন্তব্যত পূ্ৰ্বেও গৰিমা গাৰ্গৰ অস্তিত্ব তেওঁৰ জীৱনত কিমান সেই কথা স্বীকাৰ কৰিছে। জুবিনে গৰিমা সন্দৰ্ভত দিয়া এক সাক্ষাৎকাৰত কৈছিল,’গৰিমা মোৰ দুখৰ দিনৰ লখিমী।’ বিভিন্ন বাধা অতিক্ৰমি প্ৰতিক্ষণে জুবিন গাৰ্গক সামৰি ৰখা গৰিমা গাৰ্গৰ ওপজা দিনটোক বিশেষ কৰি তুলিছে স্বামী জুবিনৰ লগতে তেওঁৰ বন্ধুবৰ্গই। সামাজিক মাধ্যমতো গৰিমা গাৰ্গৰ বন্ধুমহলৰ লগতে জুবিন গাৰ্গৰ উপস্থিতিত উদযাপন কৰা কেক কটাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ