ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। বিধানসভা নিৰ্বাচনকলৈ মাজত আছে মাত্ৰ কেইটামান দিন বাকী। ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ৰাজ্যত বিধানসভা নিৰ্বাচন। সেয়ে শাসক-বিৰোধী সকলো ব্যস্ত হৈছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত।
পিছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে আহিছে এক আচৰিত খবৰ। এফালে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে নেত্ৰী আৰু আনফালে সুযোগ বুজি চোৰে চলাই গৈছে চাফাই অভিযান।
নিৰ্বাচনৰ কামত ব্যস্ত থাকোতে দিনে-পোহৰতে বিজেপি নেত্ৰী অংকিতা দত্তৰ শিৱসাগৰস্থিত বাসগৃহত চোৰে চলাই উপদ্ৰৱ। প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তই সপোন দেখিছিল ৰাজনীতিৰ পথাৰত জিলিকি থকাৰ, সেয়ে তেওঁ যোগদান কৰিছিল বিজেপিত। কিন্তু বিপদে লগ নেৰা হৈছে অংকিতা দত্তক। এই ঘটনাৰ পিছতে আৰক্ষীয়ে চোৰ বিচাৰি চলাইছে অভিযান। এতিয়া চোৰ ধৰিব পাৰে নে নোৱাৰে, সেয়া হ’ব লক্ষণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















