ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ বি এম আই পৰীক্ষণৰ প্ৰক্ৰিয়া এতিয়াও ইতি পৰা নাই। নতুন বছৰ আৰম্ভণিতে মেদবহুল তথা শকত আৰক্ষীৰ বিপদ অনিবাৰ্য, কিয়নো মেদবহুল আৰক্ষীৰ বাবে বান্ধি দিয়া ৩মাহৰ সময়সীমা ডিচেম্বৰৰ শেষৰভাগত অন্ত পৰিব। যোৱা ছেপ্তেম্বৰ মাহত অসম আৰক্ষীৰ সকলো বিষয়া, জোৱানে বিভাগীয় শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত মেদবহুল আৰক্ষী কৰ্মীৰ সংখ্যা আছিল ১৭৪৮।
প্ৰায় ৭০হাজাৰ আৰক্ষী বিষয়া-জোৱানক বি এম আই টেষ্ট কৰাৰ পাছতে আনফিট সকলক লৈ আৰক্ষী সঞ্চালক প্ৰধানে টুইটাৰ যোগে প্ৰকাশ কৰিছিল যে, মুখ্যমন্ত্ৰী কাৰ্যালয় অসমৰ অনুমোদন অনুসৰি এই কৰ্মীসকলৰ এতিয়া চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত যিকোনো অন্তৰ্নিহিত চিকিৎসাজনিত অৱস্থাৰ বাবে পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ’ব আৰু চিকিৎসা আৰু পুষ্টিৰ সহায় আগবঢ়োৱা হ’ব। ইয়াৰ পিছত তিনি মাহৰ অন্তত পুনৰ পৰীক্ষা কৰা হ’ব।
যোৱা ছেপ্তেম্বৰ মাহত আৰক্ষী সঞ্চালক প্ৰধানে কৰা এই ঘোষণা তিনি মাহ অন্ত পৰাৰ পথত। চলিত ডিচেম্বৰ মাহৰ শেষভাগতে পুনৰ হব বি এম আই টেষ্ট। যদিহে যিসকল আৰক্ষী বিষয়া-জোৱান এই তিনিমাহৰ ভিতৰত ফিট হোৱা নাই তেওঁলোকৰ বাবে বিপদ অনিবাৰ্য। উল্লেখ কৰা প্ৰয়োজন যে, অসম আৰক্ষীৰ এয়াই হৈছে অন্তিম বি এম আই টেষ্ট। এই টেষ্টত যিসকল উৰ্ত্তীণ হ’ব নোৱাৰিব তেওলোকে হয়তো নৱবৰ্ষতে হেৰুৱাব চাকৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ