বলীউডৰ ববী ডাৰ্লিঙৰ চাঞ্চল্যকৰ দাবী- টিম ইণ্ডিয়াৰ এই ক্ৰিকেটাৰৰ সৈতে আছিল সম্পৰ্ক
বলীউডৰ এটা সময়ৰ অন্যতম চেলিব্ৰিটি ববী ডাৰ্লিঙৰ এক চাঞ্চল্যকৰ মন্তব্যই তোলপাৰ লগাইছে সকলোতে। ববী ডাৰ্লিঙে দাবী কৰা অনুসৰি, এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে সম্পৰ্ক আছিল ববিৰ।
২০১১ চনত টিম ইণ্ডিয়াক বিশ্বকাপ জয় কৰাত সহায় কৰা বেগী বলাৰ মুনাফ পেটেলৰ সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী ববী ডাৰ্লিঙৰ এই চাঞ্চল্যকৰ দাবী। ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ সৈতে তেওঁৰ ‘ৱান নাইট ষ্টেণ্ড’ আছিল বুলি দাবী কৰিছে ববি ডাৰ্লিঙে।
এক সাক্ষাৎকাৰত ববী ডাৰ্লিঙে প্ৰকাশ কৰে যে, ‘সেই সময়ত তেঁওলোক বন্ধু আছিল আৰু ক্লাবত লগ পাইছিল। একেলগে ক্লাব আৰু পাৰ্টি কৰিবলৈ গৈছিল। সেই সময়ছোৱাত কিছুমান লোকে দুয়োকে একেলগে দেখি ববী আৰু মুনাফ পেটেলৰ মাজত সম্পৰ্ক আছিল বুলি ভাবিছিল।’
ববীয়ে সাক্ষাৎকাৰটোত ইয়াকো কয় যে সেই সময়ত ববী ফ্লাৰ্টী আছিল। লগতে ইয়াকো স্পষ্ট কৰি দিয়ে যে, ‘মই কেতিয়াও ক’ব নোৱাৰো যে আমাৰ সম্পৰ্ক আছিল, কিন্তু তেওঁৰ প্ৰতি মোৰ নিশ্চয় আৱেগিক মোহ আছিল। মানুহে যেতিয়া ইজনে সিজনক লগ পায়, তেতিয়া প্ৰথমে আৱেগিক ঘনিষ্ঠতা থাকে, তাৰ পিছত প্ৰেম হ’ব পাৰে।’
যদিও সম্পৰ্ক আছিল বুলি উল্লেখ কৰা নাই, কিন্তু ববীয়ে ইয়াক ‘ৱান নাইট ষ্টেণ্ড’ বুলি অভিহিত কৰাত এতিয়া বিতৰ্কৰ কাৰণ হৈ পৰিছে। আনহাতে এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছে ক্ৰিকেটাৰগৰাকীয়ে। মুনাফৰ মৌনতাই এই বিষয়টোক আৰু অধিক ৰহস্যময় কৰি তুলিছে। ছ’চিয়েল মিডিয়াত একাংশ লোকে ববীৰ এই বক্তব্যক চাঞ্চল্য সৃষ্টিৰ প্ৰয়াস বুলি অভিহিত কৰিছে। এতিয়া এই বিষয়ত মুনাফ পেটেলে কি উত্তৰ দিয়ে সেয়া হ’ব লক্ষ্যণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















