অসম লাইভ২৪ঃ কোকৰাঝাৰত চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয়ৰ ফলকতেই ক’লা ৰং সানিলে এবছুৱে।
অনুষ্ঠান কাৰ্যালয়ত বড়ো ভাষা ব্যৱহাৰ নকৰাৰ বাবেই এই সিদ্ধান্ত নিখিল ভাৰত বড়ো ছাত্ৰ সংস্থাৰ।
কোকৰাঝাৰ চহৰৰ চৰকাৰী ফলকসমূহত বড়ো ভাষা ব্যৱহাৰ কৰা নাছিল বাবেই ক্ষোভিত এবছু
কাৰ্যালয়সমূহৰ প্ৰায়বোৰ ফলকতেই ব্যৱহাৰ কৰা হৈছিল ইংৰাজী ভাষা।
অসমত বড়ো ভাষা চৰকাৰী সহযোগী ভাষা স্বীকৃতিৰ পিছতো বড়োলেণ্ডতেই এয়া কাৰ্যকৰী নকৰাত ক্ষোভ এবছুৰ।
বিটিআৰত চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমুহত প্ৰথমে বড়ো ভাষাক লগতে অসমীয়া আৰু ইংৰাজী ব্যৱহাৰৰ দাবী এবছুৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ