অসম লাইভ২৪ঃ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নকল নোট আৰু নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷
জাগীৰোড আৰক্ষীয়ে দেওবাৰে অভিযান চলাই নকল সোণৰ নাৱসহ চাৰিজন সৰবৰাহকাৰীক আটক কৰিছে।
আটকাধীন লোক কেইজন হ’ল ক্ৰমে আবু তাহেৰ-উত্তৰ লক্ষিমপুৰ, ফাইজুল ইছলাম-উত্তৰ লক্ষিমপুৰ,
ৰিংকু মণি আলি-কাহিকুছি কামৰূপ মেট্ৰ আৰু জাহিদুল ইছলাম-ধৰমতুল মৰিগাঁৱৰ বুলি জাগীৰোড আৰক্ষীয়ে জানিবলৈ দিয়ে৷
আনহাতে আটকাধীন লোক কেইজনৰ পৰা ছটাকৈ মো’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে জাগীৰোড আৰক্ষীয়ে৷
বৰ্তমান অধিক তথ্যৰ বাবে লোক কেইজনক সোধপোছ অব্যাহত ৰাখিছে জাগীৰোড আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ