অনুপম খেৰৰ ছবি দি ছপা কৰা হ’ল জালনোট৷ গুজৰাটৰ আহমেদাবাদত এক চমকপ্ৰদ ঘটনা ঘটিছে৷ তাতেই হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা অনুপম খেৰৰ ছবি দি নোট চপোৱা হৈছে৷ আহমেদাবাদ পুলিছে এনে হাজাৰ হাজাৰ ৫০০ টকাৰ নোট বাজেয়াপ্ত কৰিছে৷ এই ধনৰ মুঠ পৰিমান হ’ব প্ৰায় ১ কোটি ৬০লাখ টকা৷ কেৱল অনুপম খেৰৰেই ছবি দিছে তেনে নহয়, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ পৰিবৰ্তে ৰিছোল বেংক অৱ ইণ্ডিয়া লিখিছে এই জালনোট চক্ৰটোৱে৷
এই জাল নোটৰ ভিডিঅ’ সামাজিক মাধ্যমত ক্ৰমশ ভাইৰেল হৈছে৷ অনুপম খেৰে নিজেই এই বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ তেওঁ সামাজিক মাধ্যমত লিখিছে, লো জি কৰ লো বাত… কুছ ভি হৌ চকতা হে৷’ ভাইৰেল এই ভিডিঅ’ক লৈ তেওঁ লগতে লিখিছে, ‘চাওক এইয়া কেনেকৈ হ’ব পাৰে৷ ৫০০ টকাৰ নোটত গান্ধীজিৰ পৰিবৰ্তে মোৰ ফটোহে৷ এয়া কেনেকৈ হ’ব পাৰে৷’
এই নোটসমূহৰ পৰাই অনুমান কৰিব পাৰি যে এই প্ৰতাৰণাৰ পৰিকল্পনা দীৰ্ঘ আৰু গভীৰ৷ জাল নোট দি প্ৰতাৰণাৰ বৃহৎ জাল মেলিছিল চক্ৰটোৱে৷ এই নোট জুৱেলাৰী চপত দিবলৈ আহিছিল মেহুল ঠক্কৰ নামৰ ব্যৱসায়ীজনে৷ এই নোটসমূহ ক’ত চপা কৰা হৈছিল কেনেকৈ অনা হৈছিল সকলোবোৰ বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ