অভিনেতা হোৱাৰ সপোনত বিভোৰ আছিল তেওঁলোক৷ অভিনয় এৰি আৰু অন্য কোনো কামত কেৰিয়াৰ গঢ়িব খোজা নাছিল৷ মোটা পাৰিশ্ৰমিকৰ চাকৰিও পাইছিল৷ কিন্তু নিশ্চিত ভৱিষ্যতক উপেক্ষা কৰি বলীউডত নিজৰ ভৰিৰ তলৰ মাটি স্থায়ী কৰিবলৈ তেওঁলোকে বাচি ল’লে অনিশ্চিত ভৱিষ্যত৷ এই তালিকাত থকা অভিনেতাৰ ভিতৰত নাম ল’বলৈ হ’লে পোনতে আহে বিকি কৌশল, সোনাক্ষী সিনহা, ভূমি পাডুকনকে ধৰি কেইবাজনো তাৰকাৰ নাম
বিকি কৌশল
২০১৫ চনত ‘মাছান’ ছবিৰে বলীউডৰ কেৰিয়াৰ আৰম্ভ হৈছে বিকি কৌশলৰ৷ মুম্বাইৰ এখন কলেজৰ পৰা ইঞ্জিনিয়াৰিং কৰিছে বিকিয়ে৷ কিন্তু স্নাতক হোৱাৰ পাছত আৰু বেচৰকাৰী সংস্থাত তেওঁ চাকৰি নকৰিলে৷ একাধিক সংস্থাৰ পৰা তেওঁক মোটা অংকৰ বেতনৰ চাকৰি অফাৰ কৰা হৈছিল৷ কিন্তু বিকিয়ে সেয়া গ্ৰহণ নকৰি বাচি ল’লে অভিনয়ৰ কেৰিয়াৰ৷
তাপসী পান্নু
দিল্লীৰ এখন কলেজৰ পৰা কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং লৈ পঢ়াশুনা কৰি স্নাতক হৈছিল তাপসী৷ বলীউডত প্ৰৱেশ কৰাৰ পূৰ্বে তাপসীয়ে ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে চাকৰিত যোগ দিছিল৷ কিন্তু সেই চাকৰিৰ পৰা তেওঁ ইস্তাফা দি বাচি লয় বলীউডৰ অনিশ্চিত ভৱিষ্যত৷ আজি তাপসী বলীউডৰ এগৰাকী লেখত ল’বলগীয়া অভিনেত্ৰী৷
জন আব্ৰাহাম
মুম্বাইৰ এখন কলেজৰ পৰা এম বি এ কৰিছিল বলীউড অভিনেতা জন আব্ৰাহামে৷ কিছুদিন মিডিয়া প্লেনাৰ হিচাপে তেওঁ কামো কৰিছিল৷ কিন্তু জনে নিজকে তাত সীমাবদ্ধ ৰাখিব নুখুজিলে৷ অনিশ্চিত হ’লেও বলীউডৰ ৰঙীন জগতে তেওঁক হাতবাউল দিলে৷ আৰু শেষত চাকৰি এৰি তেওঁৱো চিনেমা জগতত প্ৰৱেশ কৰে৷
সোনাক্ষী সিনহা
মুম্বাইৰ এখন কলেজৰ পৰা ফেশ্ব্যন ডিজাইনিঙত পঢ়াশুনা কৰিছিল৷ পিতৃ মাতৃ অভিনেতা হলেও পোনতে তেওঁ অভিনয়ৰ প্ৰতি বিশেষ আকৃষ্ট নাছিল৷ কিন্তু পাচলৈ তেওঁৱো অভিনয় ক্ষেত্ৰকেই বাচি লয়৷ ২০১০ চনত মুক্তিপ্ৰাপ্ত দাবাং ছবিৰ মাধ্যমেৰে বলীউডত ভৰি ৰাখে৷ তেওঁৰ প্ৰথম ছবিত তেওঁৰ সৈতে নায়কৰ ভূমিকাত অভিনয় কৰিছিল ভাইজান ছলমান খানে৷
পৰিণীতি চোপ্ৰা
অভিনয়জগতৰ কাষত থাকিলেও অভিনয় কৰিবলৈ আগ্ৰহী নাছিল পৰিণীতি৷ লণ্ডনত গৈ পঢ়াশুনা কৰি তাতেই ভাল চাকৰিৰ অফাৰ পাইয়ো পৰিণীতি উভতি আহিছিল ভাৰতলৈ৷ ভাৰতত আহি তেওঁ সোমাই পৰে অভিনয় ক্ষেত্ৰত৷ অভিনয় ক্ষেত্ৰত বিশেষ সুনাম কৰিব নোৱাৰিলেও তেওঁ বলীউডত অভিনয় কৰাৰ হেঁপাহ এতিয়াও এৰি দিয়া নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















