চিনেমাৰ শ্বুটিঙত মিছাকৈ মাৰা এটা থাপ্পৰে সলাই পেলাইছিল এই অভিনেত্ৰীৰ জীৱন, ফাটিছিল কানৰ পৰ্দা, বেয়া হৈছিল চকু
অভিনয়ত ইমান বেয়াকৈ সোমাই পৰিছিল যে, এগৰাকী অভিনেতাই মিছা থাপ্পৰ গৈ সঁচাকৈ জোৰকৈ থাপ্পৰ মাৰি দিছিল এগৰাকী অভিনেত্ৰীক। যি থাপ্পৰে পাছলৈ গোটেই জীৱনে সলাই পেলাইছিল এগৰাকী অভিনেত্ৰীৰ জীৱন।
চিনেমাৰ শ্বুটিঙত সকলো ব্যস্ত। নিজ নিজ চৰিত্ৰত সোমাই পৰিছে সকলো। তেনে সময়তে চৰিত্ৰৰ ডিমাণ্ড, অভিনেতাই থাপ্পৰ মাৰিব লাগে অভিনেত্ৰীক। সেই মতেই থাপ্পৰ মাৰি দিয়ে অভিনেত্ৰীগৰাকীক।
পাছে সেই থাপ্পৰ ইমানেই জোৰকৈ আছিল যে, সেই থাপ্পৰৰ ফলত অভিনেত্ৰীগৰাকীৰ কানৰ পৰা তেজ ওলাই আহে। পাছত ডাক্তৰৰ ওচৰলৈ যোৱাত জানিব পাৰে কানৰ পৰ্দা ফাটি গৈছে লগতে বাঁও চকুতো অনিষ্ট কৰে।
যি ঘটনাই সম্পূৰ্ণ অভিনয় কেৰিয়াৰতেই প্ৰভাৱ পৰে অভিনেত্ৰীগৰাকীৰ। সেই অভিনেত্ৰীগৰাকীয়েই হৈছে ললিতা পাৱাৰ। যিয়ে নিজৰ বলিষ্ঠ অভিনয়েৰে দেশৰ জনতাৰ হৃদয়ত স্থান বনাই গৈছে।
পাছে ললিতা পাৱাৰ ইমানেই দুৰ্ভগীয়া যে, সেই ঘটনাৰ পাছত লাভ কৰে ভুল চিকিৎসা। যাৰ বাবে অভিনেত্ৰীগৰাকীৰ বাঁওফাল পক্ষাঘাত হৈ পৰে। তিনি বছৰ ধৰি চিকিৎসাৰ অন্তত কোনোমতে ঠিক হয় যদিও, চিৰ জীৱনৰ বাবে বাঁও চকু ঘুণীয়া হৈ পৰে।
সেই ঘটনাৰ বাবেই অভিনয় কেৰিয়াৰত আৰু কোনোদিনে ভাল চৰিত্ৰ লাভ নকৰে, সকলো নিগেটিভ চৰিত্ৰই লাভ কৰি ললিতা পাৱাৰে। ৰামানন্দ চাগৰৰ ৰামায়নতো মন্থৰাৰ চৰিত্ৰ লাভ কৰে। যি চৰিত্ৰৰে সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ