বলীউডৰ সেই বিশেষ বিবাহ, অতিথি আছিল মাথো ৩৭, খৰচ হৈছিল কিন্তু ৭৭ কোটি
বলীউডৰ বিবাহ মানেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বহু কোটি কোটি টৰা খৰচ কৰি বিশেষ আকৰ্ষণীয় কৰিব বিচাৰে বলীউডৰ তাৰকা সকলে নিজৰ বিবাহৰ অনুষ্ঠান। অন্যতকৈ পৃথক কৰাৰ লগতে স্মৰণীয় কৰি ৰাখিব বিচাৰে তেঁওলোকৰ বিবাহ।
তাৰেই মাজৰ এখন এনে বিবাহ যি বিবাহৰ অতিথিৰ সংখ্যা আছিল মাথো ৩৭ গৰাকী । কিন্তু খৰচ হৈছিল ৭৭ কোটি টকা। সেই ৩৭ গৰাকী লোককেই আপ্যায়ন কৰাৰ নামত খৰচ হৈছিল বহু কোটি টকা।
বৰ্তমানে বলীউডৰ সেই তাৰকা যুটি এটি সন্তানৰ পিতৃ-মাতৃয়ো। সেই বহু চৰ্চিত বিবাহ খন আছিল ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ। ২০১৮ চনত ইটালীত বিয়া হৈছিল ৰনবীৰ আৰু দীপিকাৰ।

চাঞ্চল্যকৰ কথাটো হ’ল এই উচ্চ নিৰাপত্তাসম্পন্ন বিয়াত ৭৭ কোটি টকা খৰচ হৈছিল আৰু মাত্ৰ ৩৭ জন অতিথিয়েহে চাবলৈ পাইছিল দীপবীৰৰ বিবাহ। ১৪ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ চলিছিল দীপবীৰৰ বিয়া। ইটালীৰ লেক কোমোত বিবাহপাশত আবদ্ধ হৈছিল এই দম্পতীহাল।
বিবাহৰ ৬ বছৰৰ পাছত ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত এই তাৰকা যুটিৰ মাজলৈ আগমণ ঘটে এটি কন্যা সন্তানৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















