অতিকে শোকাৱহ, ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ১১ গৰাকী লোকে
আজি ১৪ ফেব্ৰুৱাৰী শুকুৰবাৰে পাকিস্তানৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত হোৱা মাৰাত্মক বিস্ফোৰণত ১১ গৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱায়। লগতে আন ৬ জন লোক গুৰুতৰভাৱে আহত হয়। এই তথ্য নিশ্চিত কৰিছে দেশখনৰ উপ আয়ুক্ত আলী কাকৰে।
স্থানীয় আৰক্ষীয়ে জনোৱা মতে, সম্ভৱত ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ এটা পথত স্থাপন কৰিছিল। যি কয়লা খনিৰ কৰ্মী কঢ়িয়াই নিয়া এখন বাহনৰ ওচৰত বিস্ফোৰণ ঘটে। য’ত বহু শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন আহত হৈ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈ আছে।
নিৰাপত্তা বাহিনীয়ে মৃতদেহ আৰু আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰিত কৰি অঞ্চলটো ঘেৰাও কৰিছে। আহত শ্ৰমিকৰ একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে কয়লা খনি থকা শ্বাহৰাগ অঞ্চলত শেহতীয়াকৈ কেইবাটাও বোমা বিস্ফোৰণ সংঘটিত হৈছে। কিন্তু শেহতীয়া বিস্ফোৰণৰ ফলত হোৱা ক্ষতি পূৰ্বৰ বিস্ফোৰণতকৈ বহু বেছি।
এই কৰুণ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে বেলুচিস্তান চৰকাৰৰ মুখপাত্ৰই। তেওঁ কয় যে বিস্ফোৰণৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে শ্বাহৰাগত হোৱা বিস্ফোৰণক তীব্ৰ গৰিহণা দি মৃত্যুক লৈ শোক প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ