পুৱাই বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই, ক্ষোভিত জনতাই জ্বলাই দিলে বাছ
পুৱাই সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই। পাছত ক্ষোভিত জনতাই ৰাজপথতে জ্বলাই দিলে বাছখন। দুগৰাকী নিহত হোৱাৰ লগতে আহতো হয় অন্য লোক।
এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ তালগুৰীৰ নিত্যবজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত। একেলগে ট্ৰেভেলাৰ, যাত্ৰীবাহী বাছ আৰু এখন বাইকৰ মাজত ভয়ংকৰ মুখামুখী সংঘৰ্ষ ।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী পিতৃ-কন্যাৰ। দুৰ্ঘটনাটোত নিহত হোৱা পিতৃগৰাকী পেছাত এগৰাকী শিক্ষক, পুৱা বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক থবলৈ যোৱা লগতে নিজেও কৰ্মথলীলৈ বুলি ওলাই অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
নিহত শিক্ষক গৰাকীৰ নাম নাছিৰ আহমেদ আৰু কন্যা গৰাকী ছেহনাজ আহমেদ বুলি জানিব পৰা গৈছে।
চাপৰৰ পৰা গুৱাহাটী অভিমুখে অহা আল্ট্ৰা বাছখনৰ দৌৰাত্ম্যৰ বাবে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। পাছত ক্ষোভিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু উত্তেজিত ৰাইজে জ্বলাই দিয়ে আল্ট্ৰা বাছখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ