সৰস্বতী পূজাৰ দিনাই ৰাজ্য জোকাৰি যোৱা অঘটন, নলবাৰীত দুই প্ৰেমিক-প্ৰেমিকাই…
সৰস্বতী পূজাৰ দিনা যি সময়ত সকলোফালে পূজাৰ ব্যস্ততা, সেইসময়তে এফালে ৰাজ্যত সংঘটিত হয় এক অঘটন। পূজালৈ বুলি ওলাই গৈ দুই প্ৰেমিক-প্ৰেমিকাই লয় চৰম সিদ্ধান্ত।
ঘৰৰ পৰা ওলাই আহি আৰু উভতি নগল ঘৰলৈ। প্ৰেমিক প্ৰেমিকাই একলগে দুয়োৰে জীৱন শেষ কৰাৰ উদ্দেশ্যৰে ঘৰৰ পৰা ওলাই আহে। এই কৰুণ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাত।
সৰস্বতী পূজাৰ দিনাই ফুৰিবলৈ গৈ নলবাৰী সুৰাদিৰ এহাল কিশোৰ-কিশোৰী সন্ধানহীন হৈ আছিল । পাছত টিহুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দুয়োকে অচেতন অৱস্থাত কৰা উদ্ধাৰ হৈছিল।
ততাতৈয়াকৈ দুয়োকে বৰমাৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। কিন্তু হাস্পতালত ১৭ বছৰীয়া কিশোৰী গৰাকীৰ মৃত্যু হয় । আনহাতে ১৮ বছৰীয়া কিশোৰজন চিকিৎসাধীন হৈ আছে নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত।
চিকিৎসকে জানিব দিয়া মতে, বিহ পান কৰিছিল দুয়ো কিশোৰ-কিশোৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ