কেইবাদশকৰ অন্তত অৱশেষত নক্সালমুক্ত হ’ল কৰ্ণাটক, শেষ নক্সালবাদী লক্ষ্মীৰ আত্মসমৰ্পণ
অৱশেষত নক্সালমুক্ত হৈ পৰিল দক্ষিণৰ ৰাজ্য কৰ্ণাটক। কৰ্ণাটকৰ অন্তিমজন নক্সালবাদী লক্ষ্মীৰ দেওবাৰে উডুপিৰ উপ আয়ুক্ত বিদ্যা কুমাৰী আৰু আৰক্ষী অধীক্ষক অৰুণ কেক সাক্ষাৎ কৰি আত্মসমৰ্পণ কৰাৰ পাছকতে নক্সালমুক্ত ঘোষিত হয় কৰ্ণাটক।
বিনাচৰ্তে আত্মসমৰ্পণ কৰে লক্ষ্মীয়ে। আৰক্ষীৰ তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশত আত্মগোপন কৰি থকা লক্ষ্মীৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু হৈছিল।
২০০৭-২০০৮ চনৰ ৰুজু হোৱা এই গোচৰসমূহ- আৰক্ষীৰ সৈতে গুলীচালনা, আক্ৰমণ আৰু গাঁও আৰু সৰু চহৰত মাওবাদী সাহিত্য বিতৰণৰ সৈতে জড়িত।
আৰক্ষীয়ে জনোৱা মতে, লক্ষ্মী মূলতঃ কুণ্ডাপুৰা তালুকৰ মাছাট্টু গাঁৱৰ থোমবট্টুৰত ঘৰ। লক্ষ্মীৰ স্বামী চেলিমো আছিল প্ৰাক্তন নক্সালবাদী, যিয়ে ২০২০ চনত অন্ধ্ৰ প্ৰদেশত আত্মসমৰ্পণ কৰিছিল। প্ৰায় ১৫ বছৰ পূৰ্বে পৰিয়ালৰ সৈতে সম্পৰ্ক ভাঙি লক্ষ্মীয়ে আণ্ডাৰগ্ৰাউণ্ডত সোমাইছিল।
চিক্কামাগালুৰু আৰু উডুপি জিলাত নক্সালবাদী এজেণ্ডাক আগুৱাই নিয়াত সক্ৰিয় আছিল লক্ষ্মী। অৱশেষত ২০২৫ৰ ২ ফেব্ৰুৱাৰী তাৰিখে আত্মসমৰ্পণ কৰে লক্ষ্মীয়ে। লক্ষ্মীৰ আত্মসমৰ্পণৰ লগে লগে নক্সালমুক্ত হৈ পৰে কৰ্নাটক।
আনহাতে আত্মসমৰ্পণৰ পেকেজৰ বাবে মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়াক ধন্যবাদ জ্ঞাপন কৰি লক্ষ্মীয়ে থানাত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ পৰা মুকলি কৰি দিবলৈ জিলা প্ৰশাসনক আবেদন জনায়।
ইয়াৰ উপৰিও কৰ্ণাটকক নক্সালমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰা ২২ জন আৰক্ষী বিষয়া আৰু জোৱানৰ বাবে মুখ্যমন্ত্ৰীৰ পদক ঘোষণা কৰে মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ