ভাৰতৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ সিদ্ধন্ত, ভাৰতীয় অবৈধ প্ৰৱেশকাৰীৰ প্ৰথমখন বিমান ভাৰতলৈ ৰাওনা
ভাৰতৰ সৈতে অতিকে ভাল সম্পৰ্ক থকা বুলি সমগ্ৰ বিশ্বতে নাম থকা ভাৰতৰ বিৰুদ্ধে কঠোৰ হৈছে ডোনাল্ড ট্ৰাম্প। অবৈধ প্ৰৱেশকাৰীৰ বিৰুদ্ধে বিশেষভাৱে কঠোৰ হৈছে ট্ৰাম্প।
ট্ৰাম্পৰ নিৰ্দেশনাৰ পাছতে আমেৰিকাত বাস কৰি থকা অবৈধ প্ৰৱেশকাৰী সকলে ৰাওনা হয় নিজ নিজ দেশলৈ। তাৰে মাজতে ভাৰতীয় অবৈধ প্ৰৱেশকাৰীৰ প্ৰথমখন বিমানো ৰাওনা হৈছে ভাৰতলৈ বুলি।
৩ ফেব্ৰুৱাৰী তাৰিখ সোমবাৰে আমেৰিকা সৈন্য বিমান এখনে অবৈধ অনুপ্ৰৱেষকাৰী লৈ ভাৰতলৈ ৰাওনা হৈছে। ২৪ ঘন্টাৰ পাছত আজি ৪ ফেব্ৰুৱাৰী তাৰিখে ভাৰতত উপস্থিত হব বিমান খন।
উল্লেখ্য যে, ট্ৰাম্পৰ হোৱাইট হাউছ দখলৰ পাছত এয়া প্ৰথম প্ৰথম ভাৰতলৈ নিৰ্বাসন। ট্ৰাম্পে শাসনলৈ অহাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশীক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে এই বিষয়ে কথা বতৰা পাতিছিল।
ভাৰতেও সন্মতি জনাইছিল এই অবৈধ প্ৰৱেশকাৰী সকলক উভতাই অনাৰ বাবে। তথ্য অনুসৰি আমেৰিকাত সৰ্বমুঠ ১৮ হাজাৰ অনুপ্ৰৱেশকাৰী আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ