কাইলৈ মহাকুম্ভ যাব প্ৰধানমন্ত্ৰী, কৰিব পবিত্ৰ স্নান, লগত লৈ যাব এক বিশেষ উদ্দেশ্য
কাইলৈ ৫ ফেব্ৰুৱাৰী তাৰিখ বুধাবৰে প্ৰয়াগৰাজৰ মহাকুম্ভ থলীলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই যাত্ৰাত কৰিব পবিত্ৰ স্নান।
পুৱা প্ৰায় ১০ মান বজাত প্ৰয়াগৰাজৰ বিমান বন্দৰত উপস্থিত হব প্ৰধানমন্ত্ৰী। প্ৰয়াগৰাজ বিমানবন্দৰৰ পৰা যাব ডিপিএছ হেলিপেডলৈ। তাৰ পৰ ১০ বাজি ৪৫ মিনিটত ৰাওনা হব মহাকুম্ভ থলীৰ অৰেল ঘাটলৈ।
তাৰ পৰাই সংগমস্থলীলৈ গৈ পুৱা ১১ বজাত পবিত্ৰ স্নান কৰিব মোদীয়ে। যাৰ বাবে এতিয়া মহাকুম্ভ থলীৰ সংগমস্থলত কাইলৈৰ বাবে ১১ বজাৰ পৰা ১১.৩০ বজালৈ বিশেষ ব্যৱস্থা কৰা হৈছে।
১১.৪৫ বজাত সংগম ঘাটৰ পৰা নাওৰে পুনৰ অৰেল ঘাটলৈ উভতিব। তাৰ পৰা পুনৰ হেলিকপ্টাৰেৰে প্ৰয়াগৰাজ বিমানবন্দৰ আৰু তাৰ পৰা ১২.৩০ বজাত বায়ুসেনাৰ বিমানেৰে দিল্লীলৈ ৰাওনা হব। এই যাত্ৰাৰ মূল উদ্দেশ্য দিল্লী নিৰ্বাচন বুলি ঘুনুক ঘানাক কৈ খবৰ ওলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ