ঋত্বিক, শ্বাহৰুখ, শ্বাহিদ, অভিষেকে নাকচ কৰা ছবিয়ে আঁজুৰিছিল ৪ টাকৈ ৰাষ্ট্ৰীয় বঁটা, যাত্ৰা কৰিছিল অস্কাৰলৈ
বলীউডত এনে বহু ছবি আছে, যি বোৰ বহু তাৰকাই নাকচ কৰি দিয়াৰ পাছতো সেই ছবি অন্য লোকে কৰি ব্লকব্লাষ্টাৰ কৰিছিল। কেতিয়াবা যদি কাহিনী পছন্দ নোহোৱাৰ বাবে নাকচ, কেতিয়াবা চৰিত্ৰ পছন্দ নোহোৱাৰ বাবে নাকচ। কিন্তু নাকচ কৰা চৰিত্ৰই পাছত অন্য লোকে কৰি ছুপাৰ হিট কৰিছিল।
২০০৬ চনত মুক্তি লাভ কৰা তেনেই এক ছবি। বহু তাৰকা খচিত এই ছবিত প্ৰথম পছন্দ আছিল শ্বাহৰুখ খান, ঋত্বিক ৰোশন , শ্বাহিদ কাপুৰ আৰু অভিষেক বচ্চন। কিন্তু তিনিও তাৰকাই নাকচ কৰে ছবিখন।
কিন্তু পাছত যেতিয়া ছবিখন অন্য অভিনেতাৰ সৈতে নিৰ্মাণ হৈ উঠে, তেতিয়া ছবিঘৰত মুক্তিৰ পাছতো তোলপাৰ লগাই দিয়ে। ব্লৰব্লাষ্টাৰ প্ৰমাণিত হয় সেই ছবি। আজিয়ো দৰ্শকৰ মাজত সেই ছবিৰ লগতে গীতবোৰো জনপ্ৰিয়।
কেৱল ইমানেই নহয়, ছবি খন ইমানেই সফল হয় যে, ৪ টাকৈ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে ছবি খনে। লগতে অস্কাৰলৈ মনোনিত হয়।
সেই অতিকে জনপ্ৰিয় ছবিখন হৈছে ‘ৰংগ দে বসন্তী’। পাছত আমিৰ খান, আৰ আধৱন, শ্বৰমন যোশী, কুনাল কাপুৰ, সিদ্ধাৰ্থ, অতুল কুলকৰ্ণী আদিয়ে সাৱলিল অভিনয় কৰি জনপ্ৰিয় কৰি তুলিছিল। লগত আছিল ৱাহিদা ৰহমানৰ দৰে অভিনেত্ৰীয়ো।
ছবিৰ কাহিনীয়ে দৰ্শকৰ হৃদয় চুই গৈছিল। চকুত চকুপানী আনি দিছিল দৰ্শকৰ। ৭৯ সংখ্যত অস্কাৰ বঁটাত বিদেশী ভাষাৰ শিতানলৈ গৈছি ছবিখন।
ছবিখনৰ পৰিচালকৰ প্ৰথম পছন্দ আছিল আমিৰৰ ঠাইত শ্বাহৰুখ, আৰ মাধৱনৰ চৰিত্ৰ অজয় ৰাথোৰৰ বাবে ঋত্বিক, সিদ্ধাৰ্থৰ চৰিত্ৰৰ বাবে শ্বাহিদ। তেনেদৰে অভিষেক আৰু প্ৰীতি জিন্টাও আছিল প্ৰথম পছন্দ। কিন্তু সকলোৱে কোনো নহয় কোনো কাৰণত নাকচ কৰিছিল ৰং দে বসন্তি কৰিবলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ