উত্তৰাখণ্ডৰ পাছত এইবাৰ এইখন ৰাজ্যত UCC আইন
উত্তৰাখণ্ডৰ পাছত এইবাৰ দেশৰ আন এখন ৰাজ্যত কাৰ্যকৰী হ’বলৈ গৈ আছে ইউনিফৰ্ম চিভিল কোড তথা ইউ চি চি(UCC) আইন। এইবাৰ ইউ চি চিৰ তালিকাত গুজৰাট।
গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ মন্ত্ৰী হৰ্ষ সংঘৱীয়ে এই বিষয় সন্দৰ্ভত সংযুক্তভাৱে সংবাদ মেলৰ আয়োজন কৰি এই বিষয়ে সদৰি কৰে। এই সংবাদমেতেই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে।
কেৱল সিদ্ধান্ত গ্ৰহণ কৰাই নহয়, ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত বিশেষ কমিটিয়ো গঠন কৰে। এই কমিটিয়ে সকলো ধৰ্ম গুৰুৰ সৈতে আলোচনা কৰিহে শেষত ৰিপোৰ্ট দাখিল কৰিব।
এই ইউ চি চি সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় য়ে, দেশে বৰ্তমানে ভাৰতীয় সংবিধানৰ ৭৫ সংখ্যক বৰ্ষ উদযাপন কৰি আছে। এনে সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকৰ সমান অধিকাৰৰ বাবে এই ইউ চি চি অনাৰ সিদ্ধান্ত লয়। সেই দিশতেই গতি কৰি উত্তৰাখণ্ডই ইতিমধ্যে সেই আইন কাৰ্যকৰী কৰিলে। এতিয়া আমাৰ চৰকাৰো সেই দিশে অগ্ৰসৰ।
এতিয়া নৱ গঠিত এই কমিটিয়ে অহা ৪৫ দিনৰ ভিতৰত এই ইউ চিচি সন্দৰ্ভত ৰিপোৰ্ট দাখিল কৰিব। সেই ৰিপোৰ্টৰ ওপৰতে ভিত্তি কৰি চিভিল কোড সন্দৰ্ভত সিদ্ধান্ত লোৱা হব। লগতে ইয়াকো কয় যে, এই আইন আহিলেও কিন্তু আদিবাসী সমাজৰ ৰীতি-নীতিৰ সংৰক্ষণ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ