উত্তৰপ্ৰদেশৰ যোগী চৰকাৰক লোকসভাত আক্ৰমণ কৰিলে সমাজবাদী পাৰ্টিৰ সাংসদ অখিলেশ যাদৱ৷ তেওঁৰ অভিযোগ, বিগত ২৯ জানুৱাৰী প্ৰয়াগৰাজত মহাকুম্ভত পদপিষ্টৰ ঘটনাত মৃতকৰ প্ৰকৃত পৰিসংখ্যা লুকুৱাইছে যোগী চৰকাৰে৷ এই অভিযোগৰ উত্তৰ দিছে BJP সাংসদ হেমা মালিনীয়ে৷ হেমা মালিনীয়ে স্পষ্টভাষাত কৈছে, ‘মহাকুম্ভৰ বিপৰ্যয় কোনো ডাঙৰ ঘটনা নহয়৷’
চৰকাৰী তথ্য অনুসৰি মহাকুম্ভত পদপিষ্ট হৈ মুঠ ৩০জনৰ মৃত্যু হৈছে৷ আহত হৈছে ৬০গৰাকী তীৰ্থযাত্ৰী৷ বহুতৰেই দাবী যে মৃতকৰ সংখ্যা ১০০ পাৰ হ’লেও অবাক হ’ব লগা একো নাই৷ কাৰণ তথ্য লুকুৱাইছে যোগী চৰকাৰে৷ সেইদিনা প্ৰায় ২০০ লোক গুৰুতৰভাৱে আহত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ